ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৌজন্যত আজি গোৱালপাৰা জিলা প্রশাসনে জিলাখনৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰঝৰাত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে। অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত শান্তি-সম্প্রীতি অটুট ৰখা বন্ধুত্বসুলভ সামাজিক পৰিবেশ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। বৰঝৰা উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গনত আয়োজিত এই অনুষ্ঠানত দুয়োখন ৰাজ্যৰ সীমামুৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলে অংশগ্রহণ কৰে। বিভিন্ন খেল-ধেমালিৰ প্রতিযোগিতাৰে আজি পুৱা আৰম্ভ হোৱা ই অনুষ্ঠানত ৰাভা, গাৰো, গোৱালপৰীয়া আৰু বিহু নৃত্য আদিও প্রদর্শন কৰা হয়।
Assamese | November 22, 2025 8:20 PM | Assam Govt
মেঘালয়ত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত