অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, হোজাই আৰু বজালী জিলাতো ২১ অক্টোবৰত দীপাৱলীৰ বাবে স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। হোজাইত সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি বন্ধ থাকিব। অবশ্যে ইতিমধ্যে নির্ধাৰিত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত এই স্থানীয় বন্ধৰ কোনো প্ৰভাৱ নপৰিব বুলি হোজাইৰ জিলা আযুক্তই জাৰি কৰা এটা নির্দেশনাত উল্লেখ কৰা হৈছে।
Assamese | October 18, 2025 12:57 PM | Assam Govt
দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা অসম চৰকাৰৰ