November 17, 2025 1:37 PM

views 70

কুশল দালাল জিটি অ’পেন ইনড’ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী

ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাজ্জেমবাৰ্গৰ স্থাচেনত অনুষ্ঠিত জিটি অ'পেন ইনড'ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। কুশলে ডাবল খুটঅফত আমেৰিকাৰ ষ্টিফেন হানচেনক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত কুশলে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ নিকোলাছ জেৰাৰ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰতৰ গণেশ মণিৰত্নম তিৰুমুৰুৱেই ২১ বছৰ অনূর্ধ কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

July 29, 2025 11:00 AM

views 54

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাত জিলাভিত্তিক আৰ্চাৰী প্রতিযোগিতাৰ আয়োজন

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে জিলাভিত্তিক আৰ্চাৰী প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু উজনী অসম আৰ্চাৰী একাডেমীৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ প্ৰায় ২০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব।

May 12, 2025 11:44 AM

views 57

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ ৭টা পদক

চীনৰ ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত ভাৰতে ২টা স্বর্ণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদককে ধৰি ৭টা পদকেৰে নিজৰ অভিযান সামৰিছে। ভাৰতৰ পার্থ সুশান্ত ছালুংখেই পুৰুষৰ একক ৰিকাৰ্ভ শিতানত আৰু দীপিকা কুমাৰীয়ে মহিলাৰ একক ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। প্লে অফত পাৰ্থ ছালুংখেই ফ্ৰান্সৰ অলিম্পিক পদক বিজয়ী বেপ্টিষ্ট এডিছক ৬-৪ৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে দীপিকা কুমাৰী কোৰিয়াৰ কাং চাই-ইয়ঙৰ বিৰুদ্ধে ৭-৩ ব্যৱধানত জয়ী হয়। মহিলাৰ একক কম্পাউণ্ড শাখাত মধুৰা ধমনগাঁওকাৰে তথা অভিষেক বাৰ্ম...

April 14, 2025 10:57 AM

views 58

আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন

ভাৰতে আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰিছে। কানি আমেৰিকাত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ ধীৰাজ বোম্মাদেৱাবা, তবশদীপ ৰায় আৰু অতনু দাস চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ১-৫ৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাখনত এয়া ভাৰতৰ তৃতীয়টো পদক আৰু আজি বিয়লি অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ ৰিকাৰ্ভ একক শাখাৰ শিতানত ভাৰতৰ ধীৰাজে আনটো পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে। ইয়াৰ পূৰ্বে ভাৰতে কম্পাউণ্ড মিক্সড দলীয় শিতানত সোণ আৰু কম্পাউণ্ড পুৰুষৰ শাখাত এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

February 9, 2025 7:10 PM

views 51

পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত ভাৰত ৰিকাৰ্ভ অ’পেন আৰু কম্পাউণ্ড অ’পেনত আৰু দুটা সোণৰ পদক লাভ

থাইলেণ্ডত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত আজি ভাৰতে ৰিকাৰ্ভ অ'পেন আৰু কম্পাউণ্ড অ'পেনত আৰু দুটা সোণৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে চাৰিটা সোণ আৰু দুটা ৰূপৰ সৈতে মুঠ ছটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰিকাৰ্ভ অ'পেন মিক্সড টিম ইভেণ্টত হৰবিন্দৰ সিং আৰু পূজাই ইণ্ডোনেছিয়াৰ মাহদা আউলিয়া আৰু খোলিদিনক ৫-৪ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ ৰিকাৰ্ভ ইভেণ্টত হৰবিন্দৰে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিছিল।  কম্পাউণ্ড অ'পেন মিক্সড টিম ইভেণ্টত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু সৰিতাই...

November 18, 2024 8:19 PM

views 59

জি টি অ’পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামৰ সোণৰ পদক অৰ্জন

এছিয়ান গেমছ ছেম্পিয়নত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অ'পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অপেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্‌ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ইফালে, পুৰুষৰ কম্পাউণ্ড শাখাত ভাৰতৰ অভিষেকে ৰূপৰ পদক দখল কৰিছে। নেদাৰলেণ্ডছৰ মাইক শ্ল ছাৰে অভিষেকক অতি কম ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

November 3, 2024 11:57 AM

views 48

ভাৰতৰ অতনু দাসৰ ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ অতনু দাসে ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অতনু দাসে কালি ছুইজাৰলেণ্ডৰ থমাছ ৰুফৰক ৬-৪ ফলাফলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পুৰুষৰ ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অতনু দাসে ছেমিফাইনেলত ফ্ৰান্সৰ ৰোমেন ফিচেটৰ হাতত ৪-৬ ফলাফলত পৰাজিত হয়। এই শিতানত ইটালীৰ এলেছেন্দ্ৰো পাঅ'লিয়ে সোণৰ আৰু ৰোমেনে ৰূপৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ৩১ খন দেশৰ ৩০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

August 13, 2024 2:00 PM

views 52

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰে'লৱেৰ যশদীপ ভোগে, উত্তৰ প্ৰদেশৰ নীজ চৌহান আৰু পি এছ বিৰ অতনু দাসে শীর্ষ তিনিটা স্থান লাভ কৰিছে। ইফালে, ছিনিয়ৰ ছোৱালী ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগোৰা ভাৰ্গৱী, হাৰিয়ানাৰ সংগীতা আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। কালি ছিনিয়ৰ ল'ৰা আৰু ছোৱালীৰ কম্পাউণ্ড শাখাৰো ফাইনেল খেল...

August 11, 2024 12:47 PM

views 47

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

অসম আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰেপৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ল'ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ তথা কম্পাউণ্ডৰ জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰৰ একক শাখাত প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত অলিম্পিয়ানসহ দেশৰ প্ৰায় ৩০০ জন আৰ্চাৰে অংশগ্ৰহণ কৰিব। অহা ১৮ আগষ্টত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব ।

May 25, 2024 5:46 PM

views 64

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক লাভ কৰিছে। ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডীন আৰু ছয়াৰ ছুলিভানৰ হাতত পৰাস্ত হয়।