ভাৰতে আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰিছে। কানি আমেৰিকাত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ ধীৰাজ বোম্মাদেৱাবা, তবশদীপ ৰায় আৰু অতনু দাস চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ১-৫ৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাখনত এয়া ভাৰতৰ তৃতীয়টো পদক আৰু আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ ৰিকাৰ্ভ একক শাখাৰ শিতানত ভাৰতৰ ধীৰাজে আনটো পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে। ইয়াৰ পূৰ্বে ভাৰতে কম্পাউণ্ড মিক্সড দলীয় শিতানত সোণ আৰু কম্পাউণ্ড পুৰুষৰ শাখাত এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
Assamese | April 14, 2025 10:57 AM | Archery
আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন