November 17, 2025 1:37 PM | Archery

printer

কুশল দালাল জিটি অ’পেন ইনড’ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী

ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাজ্জেমবাৰ্গৰ স্থাচেনত অনুষ্ঠিত জিটি অ‘পেন ইনড‘ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। কুশলে ডাবল খুটঅফত আমেৰিকাৰ ষ্টিফেন হানচেনক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত কুশলে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ নিকোলাছ জেৰাৰ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰতৰ গণেশ মণিৰত্নম তিৰুমুৰুৱেই ২১ বছৰ অনূর্ধ কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।