অসম আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰেপৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ল’ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ তথা কম্পাউণ্ডৰ জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰৰ একক শাখাত প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত অলিম্পিয়ানসহ দেশৰ প্ৰায় ৩০০ জন আৰ্চাৰে অংশগ্ৰহণ কৰিব। অহা ১৮ আগষ্টত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব ।
Assamese | August 11, 2024 12:47 PM | Archery
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা