November 20, 2025 4:00 PM

views 61

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 20, 2025 3:54 PM

views 71

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধৰি, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বি...

November 18, 2025 1:24 PM

views 59

অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

● অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা বৰ্ষৰ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ কলিয়াবৰত হ’বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰী শৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত ৬৩ সংখ্যক বেলশৰ অধিৱেশনতে জিতেন শৰ্মাৰ নাম সভাপতি হিচাপে সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত নিৰ্বাচিত হৈছিল। অৱশ্যে সাংবিধানিক বিধি অনুযায়ী সভাপতি হিচাপে শ্ৰী শৰ্মাৰ নামটো শেহতীয়া কাৰ্যনিৰ্বাহক সভাতহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

November 18, 2025 1:22 PM

views 87

নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাষ্ট্ৰীয় ভাষা প্রযুক্তি মিছন চমুকৈ ভাষিণী নামেৰে আৰম্ভ কৰা মঞ্চত অসমীয়া আৰু বড়োসহ থলুৱা ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কালি এই চুক্তিত স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় চ...

November 18, 2025 1:15 PM

views 107

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

November 18, 2025 1:12 PM

views 68

অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ'ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেচনে এটা অত্যাধুনিক সংগ্রহালয় গঢ...

November 17, 2025 8:30 PM

views 61

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী- এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী- এছ ডি আৰ এফ তথা স্থানীয় প্রশাসনে কুৱেৰীটোত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধসদৃশ তৎপৰতা চলাই আছে। ৰাজ্যমন্ত্ৰী ৰবীন্দ্ৰ জয়...

November 17, 2025 8:23 PM

views 38

দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছেঃ কে ৰামমোহন নাইডু

দেশ দ্রুত অর্থনৈতিক উন্নয়ন আৰু বৰ্ধিত সংযোগ ব্যৱস্থাৰ বাবেই দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি নতুন দিল্লীত ৪৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ পেভিলিয়ন উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুসকলৰ মাজত অসামৰিক বিমান পৰিবহণৰ জ্ঞান প্ৰদান, কাৰিকৰী বুজাবুজি সম্প্ৰসাৰণ কৰি ভৱিষ্যতৰ বাবে দক্ষতা বৃদ্ধিক অনু...

November 17, 2025 8:18 PM

views 34

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠে আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডুবাই এয়াৰ শ্ব' ২০২৫ অনুষ্ঠানৰ সময়তে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক সু-ব্যৱস্থা, প্ৰতিৰক্ষাৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণৰ সহযোগিতাৰ জড়িয়তে দুয়োখন দেশৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সহযোগিতাত গুৰুত্ব আৰোপ কৰে। তদুপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশে যৌথ গৱেষণা, সহ-উন্নয়ন আৰু সহ- উৎপাদনৰ দিশত নতুনৰ অন্বেষন কৰি আগবাঢ়িবলৈও ...

November 17, 2025 8:15 PM

views 48

নৰৱে’ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত নৰৱে'ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত ভাৰত আৰু নৰৱে'ৰ মাজৰ স্বাস্থ্য খণ্ডৰ লগতে ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পোষকতা কৰা হয় বুলি শ্ৰীনাড্ডাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ডিজিটেল স্বাস্থ্য খণ্ডত ভাৰতৰ অগ্ৰাধিকাৰ, মানৱ সম্পদৰ উন্নয়ন, শিশু আৰু মাতৃৰ পুষ্টি আৰু বিভিন্ন ৰোগ সম্বন্ধে দুয়োখন দেশৰ সন্মিলিত গৱে...