প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠে আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডুবাই এয়াৰ শ্ব’ ২০২৫ অনুষ্ঠানৰ সময়তে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক সু-ব্যৱস্থা, প্ৰতিৰক্ষাৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণৰ সহযোগিতাৰ জড়িয়তে দুয়োখন দেশৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সহযোগিতাত গুৰুত্ব আৰোপ কৰে। তদুপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশে যৌথ গৱেষণা, সহ-উন্নয়ন আৰু সহ- উৎপাদনৰ দিশত নতুনৰ অন্বেষন কৰি আগবাঢ়িবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
Assamese | November 17, 2025 8:18 PM | Akashvani | Akashvani News
সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠৰ দ্বিপাক্ষিক বৈঠক