দেশ দ্রুত অর্থনৈতিক উন্নয়ন আৰু বৰ্ধিত সংযোগ ব্যৱস্থাৰ বাবেই দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি নতুন দিল্লীত ৪৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ পেভিলিয়ন উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুসকলৰ মাজত অসামৰিক বিমান পৰিবহণৰ জ্ঞান প্ৰদান, কাৰিকৰী বুজাবুজি সম্প্ৰসাৰণ কৰি ভৱিষ্যতৰ বাবে দক্ষতা বৃদ্ধিক অনুপ্ৰাণিত কৰাত গুৰুত্ব আৰোপ কৰা হ’ব।
Assamese | November 17, 2025 8:23 PM | Akashvani | Akashvani News | Civil Aviation Minister K Rammohan Naidu
দেশ আজি বিমান পৰিবহণ বজাৰ ক্ষেত্ৰত তৃতীয় বৃহৎ দেশ হিচাপে অগ্রগতি লাভ কৰিছেঃ কে ৰামমোহন নাইডু