June 8, 2024 2:18 PM

views 31

কাছাৰৰ ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১ কিলোগ্রাম হেৰোইন জব্দ

কাছাৰ আৰক্ষীয়ে এটা বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় এক কিলোগ্রাম হেৰোইন জব্দ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে কাছাৰৰ আৰক্ষী অধীক্ষকক অভিনন্দন জনায়। সম্প্রতি এই মাদক দ্রব্য সৰবৰাহৰ সৈতে জড়িতসকলৰ জেৰা অব্যাহত আছে।

June 8, 2024 2:16 PM

views 62

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ স্বাস্থ্য মন্থন-১২ শীর্ষক কর্মশালা তথা পর্যালোচনা সভা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হৈছে। কালি কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ সামগ্ৰিক প্ৰদৰ্শন প্রকাশ কৰে। কৰ্মশালা আৰু পর্যালোচনা সভাত শ্রেষ্ঠ প্ৰদৰ্শনকাৰী জিলাসমূহক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত জিলা স্বাস্থ্য বিষয়াসকলৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা ...

June 1, 2024 6:40 PM

views 42

গোলাঘাটৰ সৰুপথাৰ উৰিয়ামঘাটত দুটা পৰিয়ালৰ ৮ জন লোক বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ

গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ দুটা পৰিয়ালৰ ৮ জন লোকে বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হোৱাৰ ফলত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন লোককেইজনৰ এজনৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। 

June 1, 2024 1:49 PM

views 60

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মঙলবাৰে ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউ টিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডে...

May 31, 2024 7:31 PM

views 63

যোৰহাটৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ

যোৰহাট জিলাৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন, ২০০৯ৰ ৬(১) ধাৰাৰ-সংক্রামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিছাখনৰ ৯ নম্বৰ লাইনক আফ্রিকান ছোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ পৰা ১০ কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান-প্রদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব। 

May 31, 2024 6:55 PM

views 67

৪ জুনত আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯.১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRN...

May 31, 2024 8:40 PM

views 64

৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধা...

May 30, 2024 2:25 PM

views 62

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীৰ্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো পুৱা ৯.১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRN...

May 30, 2024 2:18 PM

views 47

পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত স্বদেশত উপস্থিত

পাকিস্তানৰ কাৰাগাৰত নাবালক পুত্ৰসহ ডেৰ বছৰে বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত কালি স্বদেশত উপস্থিত হ’ল। দিল্লীৰ আৰু সীমান্ত অঞ্চল পঞ্জাবত আইনী কামকাজ সম্পন্ন কৰাৰ পাছতে তেওঁ দুই-এদিনতে নগাঁৱৰ স্বগৃহত উপস্থিত হ'ব। মহিলাগৰাকীক ১১ বছৰীয়া পুত্ৰসহ পঞ্জাবৰ ৱাঘা সীমান্তত পাকিস্তান চৰকাৰে ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল। উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতে ৱাহিদা বেগমে স্বদেশলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিছে।

May 30, 2024 1:40 PM

views 59

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সক্রিয় ভূমিকা লৈ আহিছিল। বৰপেটা চহৰৰ পালাংদিহাটীৰ বাসিন্দা দাসে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পাছত অসম গণ পৰিষদ দলত যোগদান কৰিছিল।