ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হৈছে। কালি কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ সামগ্ৰিক প্ৰদৰ্শন প্রকাশ কৰে। কৰ্মশালা আৰু পর্যালোচনা সভাত শ্রেষ্ঠ প্ৰদৰ্শনকাৰী জিলাসমূহক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত জিলা স্বাস্থ্য বিষয়াসকলৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শন সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয়।
Assamese | June 8, 2024 2:16 PM | Akashvani | Akashvani News | Assam
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ স্বাস্থ্য মন্থন-১২ শীর্ষক কর্মশালা তথা পর্যালোচনা সভা