September 6, 2024 9:04 PM

views 45

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত আজি ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচাই, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাইকে ধৰি দলীয় সতীৰ্থসকল উপস্থিত থাকে। ইপিনে, কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ মণ্ডল বিজেপিয়ে আয়োজন কৰা সদস্য পদ অভিযানত বিধায়ক বিজয় মালাকাৰে অংশগ্ৰহণ কৰে।

September 6, 2024 8:32 PM

views 38

দিল্লীত ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকার্ট ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ ব'ৰ্ডৰ প্ৰতিনিধিসকলে দিহা-পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য আছে। ৱাকফ সংশোধনী বিধেয়ক- ২০২৪ৰ জৰিয়তে ৱাকফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনা নিখুঁট কৰি তুলিব বিচৰা হৈছে। বিধেয়কখনত ১৯৯৫ চনত ৱাকফ আইনখনক একীকৃত ৱাকফ ব্যৱস্থাপনা, সৱল...

September 6, 2024 8:30 PM

views 44

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি শ্ৰী শৰ্মাৰ সৈতে কথা পাতিব পাৰিব।

September 6, 2024 8:28 PM

views 31

দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত স্বাস্থ্য মন্ত্রালয়ৰ অনুমোদন

স্বাস্থ্য মন্ত্রালয়ে দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত অনুমোদন জনাইছে। মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্য্যসূচীৰ অধীনত প্ৰৱৰ্তন কৰা এই চিকিৎসা অধিক ফলপ্ৰসূ আৰু ইয়াৰ বাবে কম সময়ৰ প্ৰয়োজন। এই ব্যৱস্থাই যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব।

September 6, 2024 7:13 PM

views 48

কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ লগতে কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়ৰাম ৰমেশ, কে চি বেনুগোপাল, শচীন পাইলট, গুলাম আহমদ মীৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়েও দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

September 6, 2024 6:01 PM

views 54

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। বিপৰীতে শিৱসাগৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি কৰাৰ বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ আয়ুক্ত ড০ পি...

September 5, 2024 9:08 PM

views 47

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক সভা অনুষ্ঠিত

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত অনাগত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক এখন সভা অনুষ্ঠিত হয়। সভাত লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত বাদী-বিবাদীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা ১৪ ছেপ্তেম্বৰত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।

September 5, 2024 9:07 PM

views 48

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব।

September 5, 2024 6:32 PM

views 56

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:10 PM

views 51

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...