July 23, 2025 7:19 PM

views 66

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২৬ জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৭ জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব।

July 23, 2025 6:59 PM

views 46

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত সৌভিক সৰকাৰ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক সৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে সৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

July 23, 2025 6:46 PM

views 47

মাজুলীৰ সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন

মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ-যোগী যুৱ পৰিষদে আজি সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুষ্ঠানত গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অধ্যক্ষ ঘনকান্ত নাথৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি আৰু মাজুলীৰ বিধায়ক ভূৱন গাম উপস্থিত থাকে।

July 18, 2025 10:38 AM

views 62

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্রান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ আঢ়ৈশৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য ...

July 17, 2025 9:30 PM

views 55

কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিহাৰৰ সমষ্টিপুৰৰ পুছাত আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রী চৌহানে কয়, যে এই আঁচনিৰ অধীনত কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে ১০০ খন চহৰ বাচনি কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্রীসভাই কালি এই প্ৰস্তাৱত অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে বি...

July 17, 2025 9:20 PM

views 17

মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন

মিছিং জনগোষ্ঠীৰ অন্যতম সংগঠন মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিৰ চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে ১০১ খন পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া আৰু দল-সংগঠনৰ কেইবাগৰাকীও প্রতিনিধিয়ে এই অনুষ্ঠানত অংশ লয়। উল্লেখযোগ্য যে মিছিং জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতি, ভাষা সাহিত্য, আর্থসামাজিক সমস্যা সমাধান তথা সংৰক্ষণ আৰু উত্তৰণৰ বাবে ১৯২৪ চনত মিছিং বানে কেবাঙৰ গঠন হ...

July 17, 2025 9:16 PM

views 57

শনিবাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জনপ্রিয় লেখক আৰুণি কাশ্যপৰ সৈতে কথোপকথন প্ৰচাৰ কৰা হ’ব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৯ জুলাই শনিবাৰে আমেৰিকাৰ জর্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্রিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্রহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

July 17, 2025 8:49 PM

views 55

পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত

গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত বেতবাৰীত আৰক্ষী, বনৰক্ষী আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত হয়। জিলা আয়ুক্ত প্রদীপ টিমুঙে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে পাইকানৰ উচ্ছেদিত এলেকালৈ যোৱা এটা পথ বন বিভাগৰ লোকে আৰক্ষীৰ সহযোগত খান্দি দিয়াৰ সময়তে উচ্ছেদিত লোকসকলে বাধা দিয়াৰ লগতে শিলগুটি, লাঠি আদিৰে আক্ৰমণ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষী আৰু বনৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত দুজন লোক আহত ...

July 17, 2025 8:13 PM

views 25

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু হৈছে। বান পৰিস্থিতিক লৈ আজি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বাহুল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত এ এছ এছ টি চিৰ অধ্যক্ষ প্রবীণ কুমাৰ দত্তৰ লগতে জিলা আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ একাংশ বিষয়া উপস্থিত থাকে। পর্যালোচনা সভাৰ অন্তত বিষয়াৰ দলটোৱে নাৱেৰে জিলাখনৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে।

July 17, 2025 7:39 PM

views 62

সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদার্থ উন্নয়ন আৰু নিয়ামক সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন কৰা হ'ব। এই অধিৱেশনত অপাৰেচন সিন্দূৰ আৰু নিৰ্বাচন আয়োগৰ বিশেষ সংহত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত বিৰোধী পক্ষই শাসনাধিস্থ দলক প্রশ্ন কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ পূৰ্বে চৰকা...