মিছিং জনগোষ্ঠীৰ অন্যতম সংগঠন মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিৰ চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে ১০১ খন পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া আৰু দল-সংগঠনৰ কেইবাগৰাকীও প্রতিনিধিয়ে এই অনুষ্ঠানত অংশ লয়। উল্লেখযোগ্য যে মিছিং জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতি, ভাষা সাহিত্য, আর্থসামাজিক সমস্যা সমাধান তথা সংৰক্ষণ আৰু উত্তৰণৰ বাবে ১৯২৪ চনত মিছিং বানে কেবাঙৰ গঠন হৈছিল।
Assamese | July 17, 2025 9:20 PM | Akashvani | Akashvani News
মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন