July 17, 2025 6:50 PM

views 54

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষাত গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। সমীক্ষাত গুৱাহাটী চহৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ বঁটা লাভ কৰিছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰলৈ আগবঢ়োৱা এই সন্মানৰ তালিকাত গুৱাহাটী চহৰে ৪৪ সংখ্যক স্থান লাভ কৰিছে। অনাময় ব্যৱস্থা আৰু আৱৰ্জনামুক্ত চহৰৰ ক্ষেত্ৰত গুৱাহাটীয়ে প্ৰমাণপত্ৰ লাভ কৰে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বঁটা ...

July 14, 2025 10:41 AM

views 46

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বহু কেইগৰাকী দলীয় নেতাকর্মী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মুখ্য কাৰ্যবাহী বড়োৱে বি টি আৰৰ উন্নয়...

July 11, 2025 5:32 PM

views 39

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ গৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ’ব

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীর্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্চে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে বিচ্ছিন্ন হোৱাৰ কেইঘণ্টামান পাছত যানখনে প্রশান্ত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

July 11, 2025 5:15 PM

views 57

কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিবঃ শিৱৰাজ সিং চৌহান

চৰকাৰে কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই কথা প্ৰকাশ কৰে। কইম্বাট’ৰত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আইকাৰৰ গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে কপাহৰ গছত দেখা বিভিন্ন ৰোগ চিনাক্ত কৰি ইয়াক নিৰাময় কৰাকে ধৰি কপাহৰ উৎপাদনকাৰী তথা সামগ্ৰিকভাৱে কৃষি উদ্যোগ সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষিৰ সৈতে জড়িত...

July 11, 2025 11:04 AM

views 63

ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত

● ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত আছে। কালিৰ দিনটোত এনে অভিযানৰ অধীনত মুঠ পাঁচজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰক্ষীয়ে বাহানাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজন হোমিঅ' চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে। আৰক্ষীয়ে ভুৱা চিকিৎসক দুজনক জেৰা কৰি আছে। একেদৰে নগাঁৱৰ চিকনিৰ পৰা পংকজ দাস নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। জুৰীয়া দগাঁৱতো কালি আৰক্ষীয়ে বিমল সূত্ৰধৰ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ধৃত চিকিৎসকজ...

July 11, 2025 11:01 AM

views 58

‘অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ’ বিষয়ক প্ৰতিযোগিতা

● ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গৱেষণা পত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যিক ভিত্তিক এই গৱেষণা পত্ৰ প্ৰতিযোগিতাত ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাবিদ আৰু গৱেষক ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰিব পাৰিব। ‘অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ’ বিষয়ক এই প্ৰতিযোগিতাৰ বাবে অহা ১৪ আগষ্টৰ ভিতৰত গৱেষণা পত্ৰৰ সংক্ষিপ্ত টোকা দাখিল কৰ...

July 5, 2025 5:24 PM

views 47

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ'ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। হাজাৰ হাজাৰ তীর্থযাত্রীয়ে কালি সন্ধিয়া শ্ৰীগুন্দিছা মন্দিৰত সন্ধ্যা দৰ্শন অনুষ্ঠানত দেৱতাকেইগৰাকীক দৰ্শন কৰে। যোৱা ২৯ জুনত শ্ৰীগুন্দিছা মন্দিৰৰ সমীপত হেঁচা-ঠেলা ঘটনাত পদপিষ্ট হৈ তিনিজন লোকে প্ৰাণ হেৰুওৱা আৰু কেইবাজনো আহত হোৱালৈ চাই বহুড়া যাত্ৰাৰ বাবে ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

July 5, 2025 5:13 PM

views 59

আমেৰিকা আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহত জড়িতৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা ২জন লোকক গ্ৰেপ্তাৰ এন আই এৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে এটা বিবৃতিযোগে ধৃত ব্যক্তি দুজনৰ এজনে অবৈধ আৰু বিপদসংকুল পথেৰে ভুক্তভোগীসকলৰ যাত্ৰাৰ সুবিধা কৰি দিয়াত মূল ভূমিকা পালন কৰিছিল আৰু আনজনে এই যাত্ৰাত সহায় আগবঢ়োৱা লেটিন আমেৰিকাৰ লোকসকললৈ পুঁজি হস্তান্তৰৰ সৈতে জড়িত আছিল।

July 5, 2025 5:01 PM

views 40

ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন

ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন কৰা হৈছে। এই যাত্ৰাত দেৱ-দেৱীকেইগৰাকীয়ে তেওঁলোকৰ জন্মস্থান বুলি গণ্য কৰা শ্ৰী গুন্দিছা মন্দিৰত এসপ্তাহ অতিবাহিত কৰি ৰথেৰে দ্বাদশ শতিকাত তীর্থস্থান শ্রীজগন্নাথ মন্দিৰলৈ উভতি আহিব। পুৰীৰ ৰজা গজপতি মহাৰাজ দিব্য সিং দেৱে আজি দিনৰ ২.৩০ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ'ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। ...

July 5, 2025 12:58 PM

views 88

দেওবাৰে সন্ধিয়া ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হৈছিল যদিও ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়।