October 7, 2025 12:08 PM

views 56

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...

October 7, 2025 11:57 AM

views 97

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

October 7, 2025 11:53 AM

views 60

বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিবঃ ড০ এছ জয়শংকৰ

● বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিব। নতুন দিল্লীত কালি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰত অনুষ্ঠিত হোৱা আৰাৱলী সন্মিলন উদ্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এইদৰে কয়। ব্যতিক্রমী ধৰণেৰে দেশৰ উত্থান হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পাৰমাণৱিক নীতি, আঞ্চলিকতাবাদ, আৰু শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আন্তঃ ৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই সন্মিলন অনুষ্ঠিত হৈছিল...

October 2, 2025 9:02 PM

views 51

বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

● কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এতিয়ালৈ এক লাখ ১৫ হাজাৰ ৩৫১ কোটি টকাৰ বিনিয়োগৰ আৱেদন লাভ কৰিছে। তেওঁ জনোৱামতে চৰকাৰে কেৱল ৫৯ হাজাৰ ৩৫০ কোটি টকা বিনিয়োগৰ লক্ষ্যহে গ্ৰহণ কৰিছিল। এই বিনিয়োগৰ ফলত চৰকাৰে ১০ লাখ কোটি টকাৰো অধিক উৎপাদনৰ আশা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জ...

October 2, 2025 8:54 PM

views 30

অধ্যাপক বানৱাৰী লাল গৌৰ, বৈদ্য নীলকন্ধন মছ আৰু বৈদ্য ভৱন প্ৰশ্বেৰলৈ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ধনৱন্তৰী আয়ুৰ্বেদ বঁটা

● অধ্যাপক বানৱাৰী লাল গৌৰ, বৈদ্য নীলকন্ধন মছ আৰু বৈদ্য ভৱন প্ৰশ্বেৰলৈ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ধনৱন্তৰী আয়ুৰ্বেদ বঁটা আগবঢ়োৱা হৈছে। কেন্দ্রীয় আয়ুষ মন্ত্রালয়ে শৈক্ষিক, পৰম্পৰাগত শিক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত আয়ুর্বেদিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকলৈ এই সন্মান আগবঢ়াইছে। এটা বিবৃতিত আয়ুষ মন্ত্রালয়ে কয় যে এই বঁটাসমূহ আয়ুৰ্বেদৰ প্ৰচাৰ, সংৰক্ষণ, আৰু প্ৰসাৰৰ ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়।

October 2, 2025 8:51 PM

views 48

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...

October 2, 2025 8:43 PM

views 55

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন

● জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ ভিন ভিন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ পল্টন বজাৰত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ কৰে। তেওঁ গান্ধীজীৰ প্ৰতি পুষ্পার্ঘ্য্য তৰ্পন কৰি তেওঁৰ আদর্শই সকলোকে অনুপ্রাণিত কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে চাফাই কৰ্মীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। শ্ৰীআচাৰ্যই এই চাফাই কৰ্মীসকলে বিশুদ্ধ খোৱাপান...

October 2, 2025 8:33 PM

views 38

শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হয় ৷ ধেমাজি জিলাত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা নামঘৰত আয়োজিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কেঁচুখনা আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশনত অংশ লয়। ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজী জাতিৰ আত্মীক শক...

October 2, 2025 8:29 PM

views 58

প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত দুৰ্গাক বিসর্জন প্রক্রিয়া

■ ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব...

October 2, 2025 7:12 PM

views 70

গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশে মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ ভিন ভিন স্থানৰ লগতে বিদেশত থকা ভাৰতীয় দূতাৱাসসমূহতো আজি বিভিন্ন কাৰ্যসূচীৰ গান্ধী জয়ন্তী উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি বাপুজীৰ সমাধি ৰাজঘাটত আজি এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আ...