● বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিব। নতুন দিল্লীত কালি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰত অনুষ্ঠিত হোৱা আৰাৱলী সন্মিলন উদ্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এইদৰে কয়। ব্যতিক্রমী ধৰণেৰে দেশৰ উত্থান হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পাৰমাণৱিক নীতি, আঞ্চলিকতাবাদ, আৰু শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আন্তঃ ৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই সন্মিলন অনুষ্ঠিত হৈছিল।
Assamese | October 7, 2025 11:53 AM | Akashvani | Akashvani News | Dr. S Jaishankar
বিশ্বত ক্রমবর্ধমান প্ৰতিযোগিতা আৰু সংহতি হ্ৰাসৰ মাজতেই ভাৰতে কৌশলগতভাৱে আগবাঢ়ি যাব লাগিবঃ ড০ এছ জয়শংকৰ