September 16, 2025 6:26 PM

views 38

বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন

বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন কৰা হৈছে। পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা বায়ুমণ্ডলৰ অ'জন স্তৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হৈ আহিছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘বিজ্ঞানৰ পৰা গোলকীয় কৰ্মৰাজিলৈ’। বৈজ্ঞানিক আৱিষ্কাৰসমূহ কিদৰে নীতি-নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু পৰিৱেশৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত আন্তর্জাতিক সহযোগিতা তথা ঐক্যবদ্ধ কৰ্মৰ শক্তিয়ে কিদৰে কাম কৰিব সেই বিষয়ে এই অভিযানৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ...

September 16, 2025 6:24 PM

views 92

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত ভাৰত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পিছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীৰ্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা ...

September 16, 2025 6:22 PM

views 52

আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক আলোচনা প্ৰচাৰ

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমাৰ সেৱা পৰ্বৰ বিশেষ প্রতিবেদনলানিত আজি আগবঢ়াইছো পৰিৱেশ সংস্কৰণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বৰ নেতৃত্বলৈ লৈ যোৱাত মোদী চৰকাৰৰ প্ৰয়াসৰ বিষয়ে সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আলোচনালানিৰ অংশ হিচাপে আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল’ব জ্যেষ্ঠ সাংবাদি...

September 16, 2025 6:21 PM

views 80

প্ৰবল বৰষুণৰ বাবে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত

ওৰে নিশা হোৱা প্ৰবল বৰষুণে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত কৰিছে। ডেৰাডুনত প্রায় ১০০ লোকক প্রশাসনে নিৰাপদে উদ্ধাৰ কৰিছে। মহানগৰখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বৰষুণৰ ফলত কেইবাটাও পথ আৰু কেইবাখনো দলঙৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে ইতিমধ্যে ক্ষতিগ্রস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে সাহায্য অভিযানৰ পৰ্যবেক্ষণ কৰিছে। তেওঁ বিভাগীয় বিষয়া-বৰ্গক সাহায্য সামগ্ৰী, নিৰাপদ আশ্রয়, খাদ্য, খোৱাপানী আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ...

September 11, 2025 3:44 PM

views 48

ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদানৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান

■ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰাৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, যে একাংশ ভাৰতীয় নাগৰিকক অলপতে ৰাছিয়াৰ সেনা বাহিনীত নিয়োজিত কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ কয়, যে চৰকাৰে বিগত এটা বছৰত এনেধৰণৰ কামৰ বিপদাশংকা আৰু ভয়াৱহ পৰিণামৰ বিষয়ে অৱগত কৰি আহিছে আৰু নাগৰিকসকলক সতৰ্ক কৰি দিছে। শ্রী জয়ছোৱালে লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাছিয়াৰ বিভিন্ন কৰ্তৃপক্ষৰ স...

September 11, 2025 3:34 PM

views 54

নেপালত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিকক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত প্ৰতিবাদী প্ৰতিনিধিবর্গৰ

■ নেপালত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’ডেল, দেশখনৰ স্থল সেনা বাহিনীৰ মুৰব্বী অশোক ৰাজ ছিগডেল আৰু যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গৰ সৈতে আজি অন্তৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়টো লৈ আলোচনা অনুষ্ঠিত হ'ব। যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গই প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে। নেপালত সেনা বাহিনীৰ সৈতে যুৱ প্ৰতিবাদকাৰীৰ আলোচনাত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কার্যপালিকা, যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত কৰাৰ বাবে যুক্তৰাষ্ট্ৰীয় সংসদীয় নির্বাচন...

September 11, 2025 3:52 PM

views 50

মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীক বাৰাণসী বিমান বন্দৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আদৰণি জনায়। ১৬ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰত ভ্ৰমণলৈ অহা মৰিছাচৰ প্ৰধানমন্ত্ৰীগৰাকী কালি সন্ধিয়া বাৰাণসীত উপস্থিত হয়। বাৰাণসীত উপস্থিত হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে তেওঁক আদৰণি জনায়। যোৱা মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিছাচ ভ্ৰমণৰ ...

September 11, 2025 3:24 PM

views 68

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাতৰ লগতে ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্রমোদ সিং কুশ্বৱাহাই এই কথা প্ৰকাশ কৰি কয়, যে সন্ত্ৰাসবাদী কেইজনক দিল্লী, ঝাৰখণ্ড, তেলেংগানা আৰু মধ্য প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্রী উদ্ধাৰ কৰে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ঝাৰখ...

September 11, 2025 3:48 PM

views 50

পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি ভাৰতৰ তীব্ৰ সমালোচনা

■ পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত দেশখনক তীব্র সমালোচনা কৰিছে। জেনেভাত অনুষ্ঠিত পৰিষদৰ ৬০ সংখ্যক অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ উপদেষ্টা ক্ষিতিশ ত্যাগীয়ে পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু অপ-প্ৰচাৰ চলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অপ ব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। এই প্রসংগত তেওঁ পুলৱামা, উৰি, পাঠানকোট আৰু মুম্বাইৰ উপৰি অলপতে পেহেলগামত সংঘটিত আক্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ মুৰব্বী...

September 11, 2025 12:52 PM

views 78

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়...