বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন কৰা হৈছে। পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা বায়ুমণ্ডলৰ অ’জন স্তৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হৈ আহিছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘বিজ্ঞানৰ পৰা গোলকীয় কৰ্মৰাজিলৈ’। বৈজ্ঞানিক আৱিষ্কাৰসমূহ কিদৰে নীতি-নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু পৰিৱেশৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত আন্তর্জাতিক সহযোগিতা তথা ঐক্যবদ্ধ কৰ্মৰ শক্তিয়ে কিদৰে কাম কৰিব সেই বিষয়ে এই অভিযানৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। পৃথিৱীৰ ওপৰত থকা ছাতিৰ দৰে অ’জ’ন স্তৰে সূৰ্যৰ পৰা বিকিৰিত অপকাৰী অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে। এই প্রাকৃতিক প্রতিবন্ধকে জীৱকুলৰ ছালৰ কৰ্কট ৰোগ, কেটেৰেক্ট প্ৰতিৰোধ কৰাৰ লগতে সামগ্ৰিকভাৱে পৰিৱেশতন্ত্ৰক সুৰক্ষা দিয়ে। আজিৰ পৰা ৪০ বছৰ আগতে অ’জ’ন স্তৰৰ সংৰক্ষণৰ বাবে বিশ্বৰ বহুতো দেশ ভিয়েনা আলোচনাত মিলিত হৈছিল। এই বৈঠকতে অ’জ’ন স্তৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বজোৰা প্ৰতিশ্ৰুতিবদ্ধতাক লৈ দেশসমূহ সহমতত উপনীত হৈছিল।
Assamese | September 16, 2025 6:26 PM | Akashvani | Akashvani News | World OZONE Day
বিশ্বজুৰি আজি বিশ্ব অ’জ’ন দিৱস পালন