■ পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত দেশখনক তীব্র সমালোচনা কৰিছে। জেনেভাত অনুষ্ঠিত পৰিষদৰ ৬০ সংখ্যক অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ উপদেষ্টা ক্ষিতিশ ত্যাগীয়ে পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু অপ-প্ৰচাৰ চলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অপ ব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। এই প্রসংগত তেওঁ পুলৱামা, উৰি, পাঠানকোট আৰু মুম্বাইৰ উপৰি অলপতে পেহেলগামত সংঘটিত আক্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ মুৰব্বী ওছামা বিন লাডেনকো আশ্রয় দিছিল। ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ আৰু ইছলামীয় সহযোগিতা সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অপব্যৱহাৰ কৰি আহিছে বুলি ভাৰতে অভিযোগ তোলে।
Assamese | September 11, 2025 3:48 PM | Akashvani News | India and Pakistan | United Nations
পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি ভাৰতৰ তীব্ৰ সমালোচনা