September 26, 2025 12:01 PM

views 67

আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

● বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লৈছে। প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আজি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়। ইপিনে, কাজিৰঙাৰ কঁহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী ১ নৱেম্...

September 25, 2025 9:56 PM

views 62

ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিঙে আজি নতুন দিল্লীৰ পৰা ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন ভার্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী শ্ৰী সিঙে কয়, যে ৫২ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পই ছিকিমৰ শিক্ষাৰ্থী, খেতিয়ক আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক এটা নতুন গতি দিব। তেওঁ লগতে কয়, যে শিক্ষাৰ্থীসকলে কেৱল শস্য উৎপাদনৰ কৌশলেই নহয়, ইয়াৰ প্ৰচেছিং, পেকেজিং, বজাৰ আৰু ৰপ্তানি সন্দৰ্ভতো গভীৰ জ্ঞান লাখ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,...

September 25, 2025 9:51 PM

views 59

শ্যামকানু মহন্তৰ বাসগৃহত অভিযানঃ জব্দ আপত্তিজনক নথি-পত্ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে প্ৰত্যক্ষ্যৰ্শীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিশেষ তদন্তকাৰী গোটে মহন্তৰ বাসগৃহত থকা কাৰ্যালয়ত অভিযান চলাইছিল অভিযানত তদন্তকাৰী গোটে আপত্তিজনক নথি-পত্ৰ, ৭ টা মোবাইল, ২ টা লেপটপ, ৯ খন হাৰ্ড ডিস্ক জব্দ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে

September 25, 2025 9:50 PM

views 67

দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে দেশখনৰ অৰ্থব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিবলৈ বেংকসমূহে অনাগত দিনবোৰত পূৰ্বতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। পুনেত অনুষ্ঠিত বেংক অব্ মহাৰাষ্ট্ৰৰ ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বেংকসমূহে নতুন উদ্ভাৱনৰ জৰিয়তে অৰ্থনীতিখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাব পাৰ...

September 25, 2025 9:44 PM

views 82

ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মাহী বান্ধৰ সমীপৰ নাপলাত মাহী বাঞ্চৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটোত ৭০০ মেগাৱাট পাৰমাণৱিক শক্তি সম্পন্ন চাৰিটা গোট সামৰি লোৱা হ'ব আৰু ইয়াৰ নিৰ্মাণ ব্যয় ৪২ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ সৌৰ শক্তি, খোৱাপানী, স্বাস্থ্য, আন্তঃগা...

September 25, 2025 10:31 PM

views 68

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শোকত ম্রিয়মান হৈ পৰা ৰাজ্যবাসীৰ এইবাৰ যেন পূজাৰ পূৰ্বৰ উৎসাহ নাই। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস ...

September 25, 2025 10:27 PM

views 78

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠি...

September 25, 2025 10:22 PM

views 117

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 25, 2025 10:15 PM

views 52

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ'ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰে৷

September 25, 2025 10:22 PM

views 57

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি...