January 17, 2026 1:26 PM
45
ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে
ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সম্প্ৰতি ইৰানত প্ৰায় ৯ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যাৰ্থী। শ্রীজয়ছৱালে কয়, যে ইৰানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ভাৰতীয় ...