কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজৰ নিজৰ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সমিতিসমূহৰ গঠনে দেশৰ বিশ্বব্যাপী ক্রীড়া সংযোগ আৰু ক্ৰীড়া কূটনীতি শক্তিশালী কৰিব আৰু একে সময়তে আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ক্ৰীড়া থলুৱা সামৰ্থক উৎসাহ যোগাব। সমিতিখনত ফেডাৰেচনৰ জ্যেষ্ঠ সদস্য প্রাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্রশিক্ষক, গোলকীয় ক্রীড়া প্ৰশাসন আৰু কূটনীতিৰ অভিজ্ঞ ব্যক্তিসকল থাকিব।
Assamese | January 13, 2026 6:26 PM | Akashvani | Akashvani News
ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ কেন্দ্ৰৰ