July 20, 2024 7:10 PM

views 54

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ...

July 20, 2024 6:49 PM

views 90

শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূ...

July 18, 2024 7:53 PM

views 90

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:50 PM

views 57

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত থাকে। এই অনুষ্ঠানত আন দুখন গ্রন্থ কাহানী ৰাষ্ট্ৰপতি ভৱন কী আৰু ৰাষ্ট্ৰপতি ভৱন, হেৰিটেজ মিটছ দ্যা প্রেজেন্ট মুকলি কৰা হয়। অ...

July 18, 2024 5:38 PM

views 59

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰে। এই বৃহৎ লক্ষ্য প্রাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰ্ণৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্বচ্ছ ভাৰত মিছন গ্রামীণ, অসমৰ প্ৰতিজন বিষয়াক শুভেচ্ছা জ্ঞাপন কৰে।

July 15, 2024 12:40 PM

views 66

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

July 13, 2024 10:33 AM

views 52

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন

■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ'বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰ'ব'টে নির্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামৰ ক্ৰাননিহত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্রশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰোব'কন ২০২৪ প্রতিযোগ...

July 12, 2024 1:00 PM

views 69

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰিব।

July 12, 2024 12:57 PM

views 72

গোৱালপাৰাৰ শিমলিতোলাত নাও দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যুৰ লগতে দুজন সন্ধানহীন

গোৱালপাৰা জিলাৰ ৰংজুলী থানাৰ অন্তৰ্গত শিমলিতোলাত কালি নাও দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০ জন লোক নাৱেৰে ওভতি অহাৰ সময়ত নাওখন পানী বুৰ যায়। ফলত ৫ জন লোক সন্ধানহীন হয়। তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে প্ৰসেনজিৎ সাহা, সুজন মালাকৰ আৰু জিৎ কৰ্মকাৰ নামৰ লোক কেইজনক চিকিৎসকে মৃত ঘোষণা কৰে। সন্ধানহীন আন দুজন লোকৰ সন্ধানত এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে।

July 11, 2024 8:44 PM

views 60

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...