■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰ’ব’টে নির্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামৰ ক্ৰাননিহত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্রশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰোব’কন ২০২৪ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰিব।
Assamese | July 13, 2024 10:33 AM | Akashvani News | Delhi
দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন