September 6, 2024 6:01 PM

views 73

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। বিপৰীতে শিৱসাগৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি কৰাৰ বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ আয়ুক্ত ড০ পি...

September 3, 2024 7:58 PM

views 65

প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধবাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণ ৰাডাৰ, ডৰ্ণিয়াৰ-228 শ্ৰেণীৰ বিমান, ভৱিষ্যত প্ৰজন্মৰ ক্ষীপ্ৰ তহলদাৰী আৰু উপকূলীয় তহলদাৰী জাহাজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

September 3, 2024 7:30 PM

views 57

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৪ জন যুৱকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক...

September 3, 2024 5:38 PM

views 56

ৰাজ্যজুৰি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰৱীণ খেলুৱৈ তৈয়বুন্নেছাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্রীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ-ছাত...

September 2, 2024 8:54 AM

views 65

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ পাব্লিক স্পীক অনুষ্ঠান

■ আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ পুণিত মিশ্ৰ আৰু বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ডাঃ তনু জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি এই সন্দৰ্ভত বিশেষজ্ঞ কেইগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ...

September 2, 2024 8:49 AM

views 70

কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰিটো ভুৱা

■ কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ'ব আৰু ২৮ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে৷ নিযুক্তিৰ পূৰ্বে এহেজাৰ ৩৫০ টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীক মন্ত্ৰালয়ে অস্বীকাৰ কৰিছে৷

August 31, 2024 8:26 PM

views 49

নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন কালিৰে পৰা নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাইয়ে শহিদ তৰ্পন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মুকলি কৰা এই শোভাযাত্ৰাত ৩ সহস্রাধিক লোকে অংশগ্রহণ কৰে।

August 31, 2024 8:24 PM

views 59

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত ৰক্তদান শিবিৰ

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিৰাঙৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎ‍সালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া-জোৱানসকলে ৰক্তদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ৰূপম কুমাৰ তালুকদাৰে ৰক্তদান শিবিৰ মুকলি কৰে। এই শিবিৰত ৩০ জনৰো অধিক বিষয়া- কৰ্মচাৰীয়ে ৰক্তদান কৰে৷

August 31, 2024 8:21 PM

views 62

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাৰ নিৰ্দেশনা

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্যমঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। জাৰি কৰা নির্দেশ অনুযায়ী অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত অঁৰা নামফলকসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে।

August 31, 2024 6:10 PM

views 57

গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ছাফাই কৰ্মচাৰীৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ ক্ৰয় কৰিছে। ইপিনে মেয়ৰ শৰণীয়াই আজি মহানগৰীৰ ৪৩ নম্বৰ ৱাৰ্ডৰ দক্ষিণ বৰসজাই মৈদাম দুর্গা মন্দিৰ ন্যাসৰ প্ৰস্তাৱিত ...