October 9, 2024 7:41 PM

views 55

গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ

গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে গাঁওখনৰ গোটা আৱৰ্জনাৰ লগতে গৰু-ছাগলীৰ মলো নিষ্কাষণ হৈ আছে। বায়ু গেছ উৎপন্ন কৰাৰ পিছত ৰৈ যোৱা আৱৰ্জনাখিনি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰিও স্থানীয় কৃষক উপকৃত হৈছে।

October 9, 2024 7:13 PM

views 64

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 4, 2024 11:14 AM

views 74

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

September 16, 2024 6:07 PM

views 79

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱন তথা আদৰ্শৰ ওপৰত আলোকপাত কৰি মিলাদ তথা ছিৰাট সন্মিলন আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবী উপলক্ষে দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পয়গম্বৰ মহম্মদৰ জীৱন দৰ্শনে প্ৰেম আৰু ভাতৃত্বৰ বোধ শক্তিশালী কৰাৰ বাবে সকলোকে উৎসাহিত কৰাৰ লগতে সমাজত সমতা আৰু সম্প্ৰীতি ৰক্ষাত অ...

September 13, 2024 8:08 PM

views 70

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাৰ শপতগ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাই শপতগ্ৰহণ কৰে। মাধ্যমিক শিক্ষ পৰিদৰ কাৰ্যালয়ত আয়োজিত শপতগ্রহণ অনুষ্ঠানত বোর্ডৰ অন্যান্য সদস্য সকলেও শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাগ লৈ কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি গঠন কৰা ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডখন মূলতঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে দায়বদ্ধ হ'ব। বোর্ডখনে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষাপতা, প্ৰমাণপত্ৰ দি...

September 13, 2024 5:46 PM

views 87

ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখনে নিয়োগৰ পৰা ১২ বছৰলৈকে ই-বাছৰ পৰিচাল...

September 12, 2024 1:04 PM

views 48

আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত

গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন গুৱাহাটী জিলা পুথিভঁৰালত আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ দ্রষ্টা নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্ৰজিৎ কাকতিৰ পৰিচালিত পি আই এল-৯৯ নামৰ নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ দ্বাৰা ড০ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত দ্ৰোহী, ১৪ ছেপ্তেম্বৰৰ সন্ধিয়া জাগীৰোড নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা তৰুণ তালুকদাৰ ৰচিত আৰু পৰিচালিত ই...

September 11, 2024 1:26 PM

views 74

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ্ধতিবে কৃষি কৰ্ম আৰম্ভ কৰা এটা পলি হাউছত পুলি ৰোপণ কৰি কৃষি কৰ্মৰ শুভাবম্ভ কবে। জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৫৫ টা পলি হাউছ নিৰ্মাণ কৰা হৈছে।

September 7, 2024 9:09 PM

views 53

দিল্লীত খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক অনলাইন মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি আজি নতুন দিল্লীত পৰিবহণ আৰু দক্ষতাৰ বিকাশ সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ এটা ফুড এগ্রেগেটৰ অৰ্থাৎ খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক প্ৰকাৰৰ অনলাইন মঞ্চৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে, নতুন প্ৰযুক্তিৰ প্ৰচলনৰ ফলত ব্যৱসায়ৰ বাবে দক্ষতাৰ বিকাশ অপৰিহাৰ্য্য হৈ পৰিছে। পৰিবহণৰ ভৱিষ্যৎ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰী চৌধুৰীয়ে কয় যে, আন্তঃগাঁথনি আৰু যোগায...

September 6, 2024 8:32 PM

views 48

দিল্লীত ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ বিষয়ক সংসদীয় যুটীয়া কমিটিৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকার্ট ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ ব'ৰ্ডৰ প্ৰতিনিধিসকলে দিহা-পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত নিম্ন সদনৰ ২১ গৰাকী আৰু উচ্চ সদনৰ ১০ গৰাকী সদস্য আছে। ৱাকফ সংশোধনী বিধেয়ক- ২০২৪ৰ জৰিয়তে ৱাকফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনা নিখুঁট কৰি তুলিব বিচৰা হৈছে। বিধেয়কখনত ১৯৯৫ চনত ৱাকফ আইনখনক একীকৃত ৱাকফ ব্যৱস্থাপনা, সৱল...