গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে গাঁওখনৰ গোটা আৱৰ্জনাৰ লগতে গৰু-ছাগলীৰ মলো নিষ্কাষণ হৈ আছে। বায়ু গেছ উৎপন্ন কৰাৰ পিছত ৰৈ যোৱা আৱৰ্জনাখিনি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰিও স্থানীয় কৃষক উপকৃত হৈছে।
Assamese | October 9, 2024 7:41 PM | Akashvani News | Goalpara
গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ