January 27, 2025 3:08 PM

views 74

উত্তৰাখণ্ডত আজিৰে পৰা উমৈহতীয়া দেৱানী বিধি বলবৎ

আজিৰে পৰা উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই আইন ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, যে ইয়াৰ বাবে নিয়ম অনুমোদন আৰু চৰকাৰী প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।উমৈহতীয়া দেৱানী বিধিৰ লক্ষ্য হৈছে- ব্যক্তিগত নাগৰিক আইনসমূহক মান সন্মতকৰণ কৰা, সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধিৰ অধীনত জাতি, ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্যমূলক ব্যক্তিগত নাগৰিক বিষয়ৰ সৈতে জ...

January 27, 2025 3:01 PM

views 68

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 24, 2025 7:53 PM

views 68

গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯.৪০ মিনিটৰ পৰা প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ', টি.টি. প্লেটফৰ্ম ৱেভযোগেও প্ৰচাৰিত হ'ব। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি দূৰদৰ্শনে এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 4K কেমেৰা আৰু আন আনুসংগিক...

January 24, 2025 7:47 PM

views 53

গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যোন শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত আজি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে। কর্মশালাত কেইবাজনো অভিজ্ঞ মৌ পালক আৰু আগ্ৰহী কৃষকে অংশগ্রহণ কৰিছে।

January 22, 2025 8:37 PM

views 74

নগাঁৱত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰ

নগাওঁ জিলাৰ ৰূপহীহাটৰ ভকতগাওঁ খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওতে এটা ৫ জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন তিনিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

January 22, 2025 8:28 PM

views 61

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।

January 22, 2025 8:04 PM

views 73

কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন

কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক'লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক'লকাতাৰ নন্দন, একতাৰা মুক্ত মঞ্চ আদি ছবিগৃহসমূহত প্ৰদৰ্শিত হ'ব।

January 22, 2025 8:00 PM

views 54

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু ৩ জন লোক আক্ৰান্ত

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু তিনিজন লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে কালি এজন ২৫ বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত গাঁওখনত আৰু দুজন লোকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা দিয়াত তেওঁলোকক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ৰজৌৰী জিলা প্ৰশাসনে বাঢাল অঞ্চলটোক ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ এলে...

January 11, 2025 9:00 PM

views 85

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহৰ পৰ্যালোচনা মন্ত্রী পিযুষ হাজৰিকাৰ

ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ আজি জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্র, বুঢ়িদিহিং, বেকীকে ধৰি কেইবাখনো নৈৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰো তেওঁ পৰ্যালোচনা কৰে। তদুপৰি জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হাইড্ৰ’...

January 11, 2025 8:46 PM

views 94

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাইঃ ডাঃ অভিজিত শৰ্মা

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি ২০০১ চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয়, যে এইচ এম পি ভাইৰাছত সাধাৰণতে ৫ বছৰৰ তলৰ শিশুহে আক্রান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গাত জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। তেওঁ সকলোকে সতর্কতামূলক ব্যৱস্থাসমূহৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। লগতে অসুস্থ লোকসকলক জনসমাগম পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ জ্বৰ...