April 23, 2025 9:05 PM

views 29

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্রমণ বাতিল

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অসম ভ্রমণ বাতিল কৰা হৈছে। ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ২৫ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচীও পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অনিবার্য কাৰণবশত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে একেটা দিনতে ৰাষ্ট্ৰপত...

April 22, 2025 3:43 PM

views 77

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ...

April 22, 2025 3:20 PM

views 42

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালৰ ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালে আজি ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ভজনলাল শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে শ্ৰী ভান্সক অম্বৰ দুৰ্গত সাক্ষাৎ কৰি অভিবাদন জনায়। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা জয়পুৰত উপস্থিত হোৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ ভাৰতীয় মূলৰ পত্নী ঊষা ভান্স আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে দেশখনৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দল ভাৰতলৈ আহিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি বিয়লিৰ ভাগত ভাৰত আৰু আমেৰিকা যুক...

April 22, 2025 3:14 PM

views 38

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগমক এই যাত্ৰা আয়োজনৰ সকলো দায়িত্ব অর্পণ কৰা হৈছে। তীর্থযাত্ৰীসকলে দিল্লীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি পিথুৰাগৰ জিলাৰ লিপুলেখ পাছেৰে গৈ চীনত প্ৰৱেশ কৰিব। এইবাৰ ২৫০ গৰাকী তীর্থযাত্ৰীয়ে আধ্যাত্মিকভাৱে গুৰু...

April 22, 2025 3:05 PM

views 71

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বহনক্ষম বিকাশৰ বাবে মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে পৃথিৱীখনক জীয...

April 22, 2025 2:58 PM

views 55

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত আজি সংসদৰ যুটীয়া সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ ১২ গৰাকী সদস্য আৰু লোকসভাৰ ২৭ গৰাকী সদস্যৰে ৩৯ জনীয়া এই সমিতিখন গঠন কৰা হৈছে। এই বৈঠকৰ প্ৰথম সত্ৰত আইন আয়োগৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° বি এছ চৌহান তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তাৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব। যুটীয়া আয়োগৰ অধ্যক্ষ পি পি চৌধুৰীয়ে নতুন দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ জৰিয়তে দেশৰ অৰ্থনীতি উপ...

April 22, 2025 2:53 PM

views 44

২ দিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হৈছে। যুৱৰাজ আৰু প্ৰধানমন্ত্রী মহম্মদ বিন ছলমানৰ আমন্ত্রণমৰ্মে শ্ৰী মোদীয়ে এইবেলি তৃতীয় বাৰৰ বাবে চৌদি আৰৱ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰী মোদীৰ জেদ্দাহ ভ্রমণকালত কেইবাখনো নতুন চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি এই ভ্রমণে আঞ্চলিক স্থিৰতা, শক্তি, নিৰ...

April 22, 2025 12:36 PM

views 89

বতৰৰ বতৰা-

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৬ এপ্ৰিলল...

April 22, 2025 12:27 PM

views 52

পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত ৩ দিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে সদ্য প্ৰয়াত পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি আৰু কাইলৈ দুদিন তথা তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। এই সময়ছোৱাত দেশত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব আৰু কোনোধৰণৰ চৰকাৰী বিনোদনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা নহ'ব।

April 21, 2025 3:59 PM

views 53

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা ব্রাতাত শ্রী আয়ই ব্ৰিটিছ কলম্বিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানপন্থীয়ে চলোৱা এটা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰি কানাডাত খালিস্তানী সন্ত্ৰাসবাদৰ প্ৰভাৱ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে। এই সন্ত্ৰাসবাদী শক্তিবোৰ ক্ৰমান্বয়ে অধিক সংগঠিত হৈ হিন্দুৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলো...