May 2, 2025 11:47 AM

views 54

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা...

April 26, 2025 9:28 PM

views 53

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ'ব। তেওঁ কয়, যে উত্তৰাখণ্ড-হিমাচলপ্রদেশ আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিম আৰ...

April 26, 2025 9:25 PM

views 53

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা দলে ছিকিমৰ মাজেৰে নাথুলাপাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্রী নির্বাচন কৰা হ'ব। এই নির্বাচন...

April 26, 2025 9:18 PM

views 45

বিমান সংস্থাসমূহক কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ

চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত কিছু স্থানত আন্তঃৰাষ্ট্ৰীয় বিমান পথ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপিত হোৱাৰ বাবে কেইবাখনো বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে। ইয়াৰ ফলত বিমান যাত্ৰা দীঘলীয়া হৈ পৰাৰ লগতে কাৰিকৰি কাৰণত যাত্ৰাপথত ৰ'বলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। মন্ত্ৰ্যালয়ে বিমান সংস্থাসমূহক যাত্ৰা পথৰ সাল-সলনি, দীঘলীয়া ...

April 26, 2025 9:11 PM

views 51

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ ২.৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে ২২, ২৩ এপ্ৰিল আৰু আজি ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণ...

April 26, 2025 8:34 PM

views 49

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত আজি ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ সামাজিক সেৱা কাৰ্যসূচীৰ অধীনত বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। লেপ্ৰছকপিক আৰু সাধাৰণ শল্য চিকিৎসা শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই শিবিৰটো মুকলি কৰে।

April 26, 2025 8:31 PM

views 66

ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চাকালয়ে নিৰ্দেশনাযোগে ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কামৰূপ জিলাৰ সৰ্বাধিক ১৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

April 26, 2025 8:21 PM

views 49

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হোৱাৰ বাবে জনজীৱন ব্যাহত হয়। ধুমুহাৰ ফলত কালি ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ সন্মুখত এজোপা প্রকাণ্ড গছ বাগৰি পৰে যদিও সম্ভাব্য বিপদৰ পৰা ৰেলযাত্ৰীসকল ৰক্ষা পৰে ৷ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে। জিলাখনৰ ৰৌতাত আমিনপাৰা, সিধাখোৱাকে ধৰি কেইবাটাও স্থানত ধুমুহাই বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান আদি ক্ষতি কৰ...

April 26, 2025 8:16 PM

views 42

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে ন্যায়িক আদালত ভবন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া উপস্থিত থাকে। অনুষ্ঠানত জিলা ন্যায় পালিকা আৰু ধুবুৰী উকীল সন্থাৰ তৰফৰ পৰা কেইবাজনকো সম্বর্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত জিলা ন্যায় পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰী, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা ব...

April 26, 2025 8:14 PM

views 49

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্...