May 3, 2025 12:02 PM

views 54

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ'ব।

May 3, 2025 11:56 AM

views 62

ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন

■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য শিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্বো শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী য...

May 3, 2025 11:50 AM

views 55

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।

May 3, 2025 11:44 AM

views 48

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি

■ অহা ৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাই আছে। ৰাজনৈতিক দলসমূহেও নিজ নিজ প্ৰাৰ্থীৰ হৈ জনসাধাৰণৰ মন আকৰ্ষণৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৭ মে'ত নির্বাচন হ'বলগীয়া জিলাকেইখন হৈছে – কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। গোৱালপাৰা জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভোট...

May 3, 2025 11:38 AM

views 59

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাই...

May 2, 2025 4:05 PM

views 56

চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ’ব

● বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰোশ্ব ছেভচ্চোৱিচ্চে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ'ব বুলি দোহাৰিছে। বেলজিয়ামৰ ব্ৰুছেলছত কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখনত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ হকে উভয় পক্ষই মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে কালিৰ এই আলোচনাক অতিশয় ফলপ্রসূ বুলি অভিহিত কৰ...

May 2, 2025 3:59 PM

views 57

কৃষক সংস্থাসমূহৰ সৈতে ৪ মে’ত হ’বলগীয়া প্ৰস্তাৱিত বৈঠক স্থগিত ৰখাৰ ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে কৃষক সংস্থাসমূহৰ সৈতে অহা ৪ মে'ত হ'বলগীয়া প্ৰস্তাৱিত বৈঠকখন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ অংশগ্রহণ অবিহনে এই বৈঠকখন ফলপ্রসূ নহ'ব বুলি মত পোষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পূর্ণ চন্দ্ৰ কিষাণে কৃষক সংস্থাসমূহলৈ লিখা এখন চিঠিত কয়, যে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দাবী কৰাৰ দৰে প্ৰস্তাৱিত বৈঠকত পাঞ্জাব চৰকাৰক অন্তৰ্ভুক্ত নকৰাটো সমীচিন নহ'ব। এনে প্ৰেক্ষাপটত চৰকাৰে কৃষ...

May 2, 2025 3:54 PM

views 92

ৱেভছ সন্মিলন ২০২৫ত সংবাদ সেৱা বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত

■ ৱেভছ সন্মিলন ২০২৫ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱাৰ্ল্ড কনভেচন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয়, যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয়, যে ...

May 2, 2025 12:08 PM

views 37

দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন

● দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন হয়। খাদটোৰ এটা ভাল্ভ ফাটি যোৱাৰ বাবে কেইবা মিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত অগ্নিনির্বাপক বাহিনীকে ধৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় আৰু গেছ নিগমন বন্ধ কৰাৰ বাবে ততালিকে প্রয়োজনীয...

May 2, 2025 12:02 PM

views 93

মুম্বাইত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনত

■ মুম্বাইত আয়োজিত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছত কালি উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমী বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। আলোচনাত অঞ্চলটোত চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত নিমাৰ্তাসকলে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ অভাৱ, ভাষা আৰু বজাৰৰ সীমাবদ্ধতাৰ লগতে প্রাতিষ্ঠানিক সমর্থনৰ অভাৱৰ দৰে বিষয়সমূহ আ...