May 19, 2025 9:20 PM

views 60

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীক

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ চফদজং চিকিৎসালয়ৰ হাওফাওৰ ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিটালৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে ৱাটছএপ যোগে...

May 19, 2025 9:16 PM

views 41

খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্রী চিৰাগ পাছৱান

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী চিৰাগ পাছৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে, বিহাৰৰ খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত লোকসকলে বিকশিত ভাৰত অভিযানত অৰিহণা যোগাব পাৰিব। পাটনাৰ জ্ঞান ভৱনত আয়োজিত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু বিক্রেতা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। পাছৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ এই খণ্ডত যুৱক-যুৱতীসকলৰ বাবে বহুতো সুযোগ আছে, এই খণ্ডত যোগদান কৰি তেওঁলোকে চাক...

May 19, 2025 9:12 PM

views 59

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্ব...

May 19, 2025 9:07 PM

views 50

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে'হৰ শ্ৰদ্ধা...

May 19, 2025 9:01 PM

views 61

নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

ইউৰোপত ত্ৰিদেশীয় ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক নেডাৰলেণ্ডছত থকা ভাৰতৰ ৰাষ্ট্রদূত কে আৰ টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্রিয়েলা চানচিচিয়ে আদৰণি জনায়। আজি পুৱা ড০ জয়শংকৰ নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত দেশখনৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড০ জয়শংকৰে কয়, যে বৰ্তমান একক শক্তিৰে বলীয়ান বিশ্বত একোখন ৰাষ্ট্ৰই কিদৰে কৌশলগত স্বতন্ত্ৰতা বৰ্তাই ৰাখিব ...

May 19, 2025 8:50 PM

views 56

পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন

 পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে শৈক্ষিক বাতাবৰণ সন্দৰ্ভত আলোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা দিশসমূহ ক্ৰমান্বয়ে পূৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিজ্ঞান বিষয়ৰ পাঠদান কৰে।

May 19, 2025 8:45 PM

views 70

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱানিশা দুলীয়াজানৰ এটা তেলডিপোত দুটা ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। দুলীয়াজান আৰক্ষীয়ে আজি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্রাক্তন ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।

May 19, 2025 8:37 PM

views 55

চৰাইদেউত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড

চৰাইদেউ জিলাৰ সোণাৰিত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত আজি ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ এই লোকসকলে মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি অগ্নি সংযোগ কৰি হত্যা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই সোণাৰি থানাত দিয়া এজাহাৰ...

May 19, 2025 8:15 PM

views 47

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্রতিষ্ঠানটোত সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ড° শৰ্মাই প্রতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। কাইলৈ এই সন্মিলনত মুখ্যমন্ত্ৰী ...

May 19, 2025 8:11 PM

views 44

হাটশিঙিমাৰীত পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এটা পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি কৰা হয়। জিলা আৰু ছেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত স্থাপিত এই পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰটোৰ জৰিয়তে পাৰিবাৰিক গোচৰসমূহ বাদী আৰু বিবাদী পক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰিব পাৰিব বুলি আমাৰ মানকাচৰৰ সংবাদদাতাই জনাইছে।