August 3, 2025 11:32 AM

views 46

নৱম আৰু দশম শ্ৰেণীৰ প্রথম গোট পৰীক্ষাৰ নম্বৰ মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ

● ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইয়াৰ অধীনৰ সকলো বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ হৈ যোৱা প্রথম গোট পৰীক্ষাৰ নম্বৰ অহা ১০ আগষ্টৰ ভিতৰত মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। পৰিষদৰ সচিবে কালি এই বিষয়ে জাননী জাৰি কৰে। জাননীখনত প'ৰ্টেলত প্ৰথম গোটৰ পৰীক্ষাৰ নম্বৰ নথকা দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰ্ণত অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিয়া হৈছে। ইয়াৰ উপৰি ইতিমধ্যে প'ৰ্টেলত আপলোড কৰা ২০২৪-২৫ বৰ্ষৰ নৱম শ্ৰেণীৰ ছমহীয়া আৰু বছৰীয়া পৰীক্ষাৰ ...

August 3, 2025 11:25 AM

views 70

আগন্তুক ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতিঘণ্টাত ৪০ৰ ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্ট...

August 3, 2025 11:21 AM

views 62

বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰ...

August 3, 2025 11:05 AM

views 119

উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন

● গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহ, ৪০০ দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে আজিৰে পৰা দক্ষিণ নামবৰ ব...

August 1, 2025 9:05 PM

views 73

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অনুৰোধ সীমিত বা বন্ধ কৰিবও পাৰে। ধনৰ লেনদেনৰ স্বয়ংক্রিয় প্রক্রিয়াও এন পি চি আয়ে ব্যস্ততা নথকা সময়তহে প্ৰক্ৰিয়াকৰণ কৰিব। গ্রাহকসকলে এতিয়াৰে পৰা মোবাইল নম্বৰৰ সৈতে সংযোগ থকা বেংকৰ তালিকাও চাব পাৰিব...

August 1, 2025 8:59 PM

views 50

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত আছে। আজি পুৱাৰ ভাগত এহেজাৰ ৩৫২গৰাকী তীর্থযাত্ৰীৰ এটা দলে ভাগৱতী নগৰ শিবিৰৰ পৰা অমৰনাথলৈ যাত্ৰা কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই তীর্থযাত্ৰীৰ দলটোত ৪৯২গৰাকী পুৰুষ, ৪৩৪গৰাকী মহিলা আৰু ২৬টি শিশু আছে। দলটোক ২৭খন গাড়ীৰে পুঞ্চ জিলাৰ মাণ্ডিলৈ লৈ যোৱা হৈছে। ইপিনে, আজি জন্মৰ পৰা কোনো নতুন তীর্থযাত্ৰীৰ দল অমৰনাথ যাত্ৰালৈ ৰাওনা হোৱা নাই। এইবেলি অমৰনাথ যাত্ৰালৈ যোৱা ত...

August 1, 2025 8:56 PM

views 41

ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত স্বাক্ষৰ কৰিছে। ট্রাম্পৰ এই নিৰ্দেশনাত পাৰস্পৰিক শুল্কৰ হাৰ উন্নীতকৰণ হিচাপে নামাকৰণ কৰা হৈছে। অহা ৭ আগষ্টৰ পৰা ৪১ শতাংশ হাৰ বৃদ্ধিৰে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই শুল্কনীতি হৈছে অনৈতিক বাণিজ্য ঘাটি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বুলি কৰা ডনাল্ড ট্রাম্পৰ ঘোষণাৰ অংশবিশেষ। চিৰিয়াৰ ক্ষেত্ৰত ৪১ শতাংশ, লাওচ আৰু ম্যানমাৰৰ ক্ষেত্ৰত ...

August 1, 2025 8:53 PM

views 49

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা ২ নম্বৰ আৰু ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ খেৰবাৰী, ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্রাছা, মছজিদ আৰু তামোলৰ বাৰীত প্রশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত ৩ আগষ্ট অর্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব।

August 1, 2025 9:23 PM

views 51

২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ ২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীনচিতীয়া পৰিচালক হিচাপে পৰিচিত- অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজ যোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

August 1, 2025 8:38 PM

views 46

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্রই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।