October 27, 2025 9:24 PM

views 57

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয়, প্ৰতিভাৰ সমান্তৰালকৈ তেখেতৰ ব্যক্তিত্বও আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। ড০ শৰ্মাই ককাদেউতা নাতি আৰু হাতী চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়ছোৱাত তেখেতৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ অক্টোবৰত ৮০ বছৰ বয়সত অভিনেতাগৰাকীৰ মৃত্যু হৈছিল।

October 27, 2025 9:19 PM

views 146

বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী

বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ড০ আহমেদে কয়, যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতি...

October 27, 2025 9:18 PM

views 89

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৰ

ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ উপ-সঞ্চালক প্রধান ৱালিউল্লাহ খানৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক শাখাৰ জ্যেষ্ঠ বিষয়া শ্ৰীবড়োৱে ইয়াৰ আগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক পদকে ধৰি কেইবাটাও আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰত সুখ্যাতিৰে সেৱা আগবঢ়াই আহিছে।

October 27, 2025 6:13 PM

views 38

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগড’গ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহা প্ৰবন্ধক এছ হাউকিপ জেম্পুৱে কয়, যে এয়াৰ ইণ্ডিয়া এক্সপ্রেছে আগতৰতলাৰ মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰৰ পৰা কালি সন্ধিয়া বাগড’গ্ৰালৈ বিমান সেৱা আৰম্ভ কৰে। তেওঁ লগতে কাইলৈৰ পৰা সপ্তাহত দুবাৰকৈ মঙলবাৰ আৰু শুকুৰবাৰে আগৰতলা আৰু শিলচৰৰ মাজত বিমান চলিব বুলি প্ৰকাশ কৰে। প্ৰায় ৩০ বছৰৰ পাছত উত্তৰ-প...

October 27, 2025 6:14 PM

views 80

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপ...

October 24, 2025 6:24 PM

views 72

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যু

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। প্ৰয়াত গোস্বামী কেইবাখনো ইংৰাজী আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ সৈতে জড়িত হৈ আছিল। তেওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত অসমৰ সংবাদ জগতত শোকৰ ছাঁ পৰে।

October 24, 2025 6:05 PM

views 141

জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ দেহাৱসান

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ।

October 24, 2025 6:03 PM

views 69

তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰা হ'ব। অহা ২৯ অক্টোবৰত পুৱা জিলাখনৰ ৪১ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভূমিকম্প আৰু অগ্নিনির্বাপন সন্দৰ্ভত অনুশীল...

October 24, 2025 6:00 PM

views 72

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 24, 2025 5:55 PM

views 71

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰায় ৩২ লাখত...