হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। প্ৰয়াত গোস্বামী কেইবাখনো ইংৰাজী আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ সৈতে জড়িত হৈ আছিল। তেওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত অসমৰ সংবাদ জগতত শোকৰ ছাঁ পৰে।
Assamese | October 24, 2025 6:24 PM | Akashvani | Akashvani Guwahati | baikuntha goswami
হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যু