December 10, 2025 11:40 AM

views 58

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত২০২৫-২৬ বৰ্ষৰ বাবে ৩ লাখৰো অধিক হিতাধিকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আৱণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হ...

December 10, 2025 11:32 AM

views 51

ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নির্দেশ যোগে এই নিযুক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পূৰ্বৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী চিকিৎসা শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰূপে নিযুক্তি দিয়াৰ পাছত তেওঁৰ স্থানত ডাঃ শৰ্মাক নিযুক্তি দিয়া হৈছে। অহা ১৫ ডিচেম্বৰত ডাঃ ...

December 10, 2025 11:14 AM

views 56

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভ...

December 10, 2025 11:08 AM

views 404

আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ ছহিদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হি...

December 6, 2025 8:40 PM

views 56

জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ

খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰাই এই প্ৰফেচৰশ্বিপৰ মূল উদ্দেশ্যে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই এটা শুভেচ্ছামূ...

December 6, 2025 8:37 PM

views 45

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল'বলৈ নাহৰ...

December 6, 2025 8:29 PM

views 44

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ট মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পাছত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বশিষ্ঠ নদীৰ পাৰত অবৈধ দখলসমূহ বেদখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে নৈখনৰ সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

December 6, 2025 7:34 PM

views 41

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি প্রশাসনিক বিষয়াসকলৰ সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ

অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্রশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰ...

December 6, 2025 7:31 PM

views 55

ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছেঃ মুখ্যমন্ত্রী

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। ...

December 6, 2025 7:13 PM

views 45

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...