February 7, 2025 9:08 PM

views 43

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট চলচিত্ৰ পৰিচালকে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফি...

February 7, 2025 8:53 PM

views 57

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

February 7, 2025 8:42 PM

views 79

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

January 31, 2025 10:56 AM

views 92

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

● নলবাৰী জিলাৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। নলবাৰী জিলা প্রেক্ষগৃহত অহা ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা অনুষ্ঠানত শিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখন সংবাদমেলযোগে জানিবলৈ দিছে।

January 31, 2025 10:51 AM

views 58

আজি মে-ডাম-মেফি

● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ'ব। দিনৰ ১ বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক ...

January 31, 2025 10:39 AM

views 71

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শ‍ইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অন...

January 31, 2025 10:19 AM

views 58

৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰে। কিছুসময়ৰ পূৰ্বে পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজ...

January 30, 2025 2:17 PM

views 37

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 30, 2025 1:39 PM

views 60

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যিক নির্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ২১ ফেব্ৰুৱাৰীৰ ভিতৰত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দাখিল কৰিব পৰা যাব। ২৮ ফেব্ৰুৱাৰীত ওজৰ-আপত্তি নিষ্পত্তিৰ সময়সীমা ধাৰ্য কৰা হৈছে। পৰিষদৰ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা ২ মাৰ্চত প্ৰকাশ কৰা হ'ব। নির্বাচন আয়োগে প্রকাশ কৰা মতে যোৱা ২ জানুৱাৰীত প্ৰকাশ কৰা বিধানসভা সমষ্টিভিত্তিক ভোটাৰ তালিকা অনুযায়ী পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ ...

January 30, 2025 11:02 AM

views 73

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। নতুন দিল্লীৰ ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। এই প্রতিবেদন প্ৰকাশ হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰি কয়, যে প্রাক-বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি ৯০ শতাংশৰ ওচৰ চাপিছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ৯৯ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখ...