ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিতংভাবে ব্যাখ্যা কৰে। তেওঁ লগতে স্থানীয়ভাৱে উৎপাদিত স্থানীয়ভাৱে উৎপাদিত সামগ্রীসমূহ পৰিদৰ্শন কৰে। নগাঁও জিলা পুথিভঁৰালতো আজি এডভান্টেজ আছাম সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বাণিজ্য আৰু উদ্যোগ বিভাগৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে উদ্যোগী, ব্যৱসায়ী, আত্মসহায়ক গোট আৰু বিভিন্ন সংস্থাই অংশগ্ৰহণ কৰে।
Assamese | February 7, 2025 8:53 PM | Advantage Assam 2.0 | Akashvani Guwahati | Akashvani News | Assam
২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ