July 12, 2024 1:00 PM

views 54

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰিব।

July 11, 2024 8:48 PM

views 43

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, সহজে নষ্ট হ'ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ প...

July 11, 2024 8:44 PM

views 44

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...

July 4, 2024 9:13 PM

views 39

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

July 4, 2024 2:57 PM

views 49

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত...

July 2, 2024 8:04 PM

views 73

গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত

অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ ডা০ বিজুলী গোস্বামীয়ে সাংবাদিক সকলৰ চকু পৰীক্ষা কৰে। কমেও ৭৫ গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰোৱায়৷

July 2, 2024 1:14 PM

views 37

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণীৰ উত্তৰ- পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্রীভাটনাগৰে কয় যে আকাশবাণী সদায় জনগণৰ কণ্ঠ হৈ আছে আৰু পূৰ্বৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচ...

June 30, 2024 5:55 PM

views 38

আকাশবাণী গুৱাহাটী আৰু বাতৰি বিভাগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচী

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিবেশ আৰু বহনক্ষমতা শাখাৰ মুৰববী সিদ্ধাৰ্থ ফুকন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভা...

June 28, 2024 7:46 PM

views 59

১১১ কোটি টকা ব্যয় সাপেক্ষ ৰবীন্দ্ৰ ভৱনৰ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজুঃ মুখ্যমন্ত্রী

ৰাজ্যৰ কলা আৰু সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আন্তঃগাঁথনি উন্নীতকৰণ আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰয়োজনীয়তা অনুসৰি ১১১ কোটি টকা ব্যয় সাপেক্ষ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।

June 25, 2024 7:07 PM

views 37

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।