আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিবেশ আৰু বহনক্ষমতা শাখাৰ মুৰববী সিদ্ধাৰ্থ ফুকন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰ, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটীস্থিত পি আই বিৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেনে নামছুয়ে আলোচনাৰ আঁত ধৰিব। কাইলৈৰ অনুষ্ঠানত আকাশবাণীৰ বাতৰি বিভাগে আয়োজন কৰা বাতৰি পঢ়া প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে পুৰস্কৃত কৰা হব।
Assamese | June 30, 2024 5:55 PM | Akashvani Guwahati
আকাশবাণী গুৱাহাটী আৰু বাতৰি বিভাগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচী