August 6, 2024 9:13 PM

views 49

ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ

তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলাই ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে মণ্ডল আৰু নাথক উৎকোচ লোৱাৰ সময়ত বিভাগীয় কৰ্মীয়ে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়।

August 6, 2024 9:07 PM

views 54

ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০২১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ই-শ্ৰম প'ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াৰ অধ্যক্ষতাত পর্যবেক্ষণ সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। সভাত ২৩৬ গৰাকী হিতাধিকাৰীয়ে দাখিল কৰা আবেদনসমূহ চালি-জাৰি চোৱা হয়। ডিব্ৰুগড় জিলাত যাতে এগৰাকীও হিতাধিকাৰী বাদ নপৰে, সেই ক্ষে...

August 6, 2024 9:07 PM

views 51

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মূলতঃ তৃণমূল পৰ্যায়ৰ পৰা দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু নিৰ্বাচনকেন্দ্ৰিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সভাকেইখন অনুষ্ঠিত কৰা হয়। সেই অনুসৰি অহা ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকল...

August 6, 2024 8:44 PM

views 59

ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে মৰিগাঁও জিলাতো কাৰ্যসূচী গ্ৰহণ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনত আজি সমগ্ৰ শিক্ষা বিভাগে নডেল শিক্ষকসকলৰ বৃত্তিমুখী পৰামৰ্শ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত চাংসাৰিৰ চেণ্ট্ৰেল ইন্‌ষ্টিটিউট অব্ পেট্‌’কেমিকেল ইঞ্জিনীয়াৰিং এণ্ড টেক্‌’ল’জী অর্থাৎ ছিপেটৰ কাৰিকৰী নিৰ্দেশকসকলে সমল ব্যক্তিৰূপে অংশ লৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১২৫ গৰাকী শিক্ষকে অং...

August 6, 2024 8:21 PM

views 46

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

♦ আকাশবাণীৰ বাতৰি বিভাগে অহৰহ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া, সত্য, শুদ্ধ আৰু নিৰপেক্ষ ৰূপত বাতৰি দি আহিছে। সময় আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানকো নেওচি আকাশবাণী বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে। তেওঁ কয় যে আকাশবাণী গুৱাহাটীয়েও বিভিন্ন প্রতিকূল পৰিস্থিতিকো নেওচি শ্রোতাক নিৰপেক্ষ ৰূপত বাতৰি দিয়াৰ ধাৰা অব্যাহত ৰাখিছে। শ্ৰীমতী চক্ৰৱৰ্তীয়ে আজি বিয়লি আকাশবাণী গ...

August 6, 2024 1:10 PM

views 54

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰিব। শ্রী চক্ৰৱৰ্তীয়ে বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা কক্ষটো উদ্বোধন কৰিব। বিষয়াগৰাকী বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্রধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী চক্ৰৱৰ্তীৰ এয়া হ'ব প্ৰথম অসম ভ্রমণ।

August 3, 2024 1:52 PM

views 55

আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ ২ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি-হাই গ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব। প্রার্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাক যোগে পঠিওৱাৰ লগতে প্ৰত্যেকৰে ম'বা...

August 3, 2024 1:27 PM

views 45

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগ আৰু পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্রিদীপ বপৰনচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্রোতাক প্রশ্ন সোধা হ'ব। দৃষ্টিপাত অনুষ্ঠানৰ যোগেদিয়ে কুইজ প্ৰতিযোগিতাৰ বাবে শ্রোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

August 2, 2024 6:54 PM

views 55

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত প্রশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ'ব সেই বিষয়ত সকলো কথা নিয়াৰিকৈ আলোচনা কৰিবলৈ আহ্বান জ...

August 1, 2024 6:37 PM

views 52

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব পাৰিব।