আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰিব। শ্রী চক্ৰৱৰ্তীয়ে বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা কক্ষটো উদ্বোধন কৰিব। বিষয়াগৰাকী বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হ‘ব। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্রধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী চক্ৰৱৰ্তীৰ এয়া হ‘ব প্ৰথম অসম ভ্রমণ।
Assamese | August 6, 2024 1:10 PM | Akashvani Guwahati
আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ