February 20, 2025 7:16 PM

views 71

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবঃ শিক্ষামন্ত্রী

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে উচ্চ প্রাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বর্ষতে উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। ডাঃ পেগুৱে চৰ অঞ্চল হিচাপে কোনো অঞ্চল নাই বুলি উল্লেখ কৰি কয়, যে খহনীয়া নোহোৱা স্থায়ী নৈপৰীয়া অঞ্চলসমূহত বিদ্যালয়-মহাবিদ্যা...

February 19, 2025 10:55 AM

views 49

অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব: ড০ বসন্ত কুমাৰ গোস্বামী

  অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ঘোষণা কৰিছে। সভাপতি হিচাপে প্ৰথমবাৰলৈ কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ড০ গোস্বামীয়ে প্ৰকাশ কৰে যে সাহিত্য সভাৰ নতুন কার্যনির্বাহক সমিতিত এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিক অন্তৰ্ভুক্ত কৰা হ'ব। পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ পদ গ্রহণ কৰিও একো কাম নকৰা অথবা এখনো কার্যনির্বাহক সভাত উপস্থিত নথকা ব্যক্তিক কার্যনির্বাহকত অন্তৰ্...

February 17, 2025 8:15 PM

views 39

শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত

শিৱসাগৰ ক্ৰীড়া সন্থাৰ সৌজন্যত আজিৰে পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হৈছে। জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত শিৱসাগৰৰ ৰাজমাই ক’চিং, মাজুলীৰ ৰিভাৰাইন ক্লাব, চৰাইদেউৰ মাহমৰা নৱজ্যোতি ক্লাব, ডিব্ৰুগড়ৰ ১৯ এপিবিএন, যোৰহাটৰ ভিক্ট’ৰিয়াছ ক্লাব আৰু তিনিচুকীয়াৰ বাৰেকুৰি ক্লাবে এই মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত মধ্য অসম মণ্ডলৰ উদ্বোধনী খেলত আজি নগাঁও ত্রিনয়ন গোষ্ঠীয়ে দেৰ...

February 17, 2025 7:44 PM

views 42

গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত

গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ বিভিন্ন স্থানত জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে পৰহিলৈৰ পৰা চলিবলগীয়া ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত জল ব’র্ডে প্রকাশ কৰা অনুসৰি গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰহিলৈৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায় আৰু ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া তৃতীয় পৰ্যায়ৰ ৰব’টিক জৰীপৰ কাম স্থগিত ৰখা হৈছে। অৱশ্যে গুৱাহাটীৰ তাৰকা গৃহৰ সমীপত পানী পৰিবাহী নলীৰ মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ মহানগৰীৰ চিত্ৰাচল পথ, হেপ্পী ভিল্লা, জয়পুৰ, শিলপু...

February 17, 2025 7:24 PM

views 47

বিগত দশকত অসমে ১২.৬ শতাংশ মুঠ বাৰ্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছেঃ ৰাজ্যপাল

কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি বাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচার্যই কয়, যে বিগত দশকত অসমে ১২.৬ শতাংশ মুঠ বাৰ্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। তেওঁ কয়, যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দ...

February 17, 2025 6:54 PM

views 50

অনলাইন বিত্তীয় অনিয়মৰ গোচৰত ৩ জন অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ থ...

February 17, 2025 6:16 PM

views 52

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্র সম্পর্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।

February 14, 2025 8:12 PM

views 57

বানৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্রথমখন প্রস্তুতিমূলক সভা

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ বানৰ সময়ত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত প্রথমখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাজহচক্ৰ বিষয়াসকলক তেওঁলোকৰ ৰাজহ অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবে কাৰ্য পৰিকল্পনা প্রস্তুত কৰি অনতিপলমে দাখিল কৰিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

February 14, 2025 7:52 PM

views 59

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব

ৰাজ্যৰ অবৈধ কয়লাখনন সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা একেলগে চলিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে উমৰাংচুৰ কয়লাখনিৰ ঘটনাক লৈ ইতিমধ্যে ৰুজু হোৱা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ সৈতে অন্যান্য গোচৰসমূহ একত্ৰিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত এই বিষয়ত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনখনো মূল গোচৰৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে।...

February 14, 2025 7:31 PM

views 141

ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।