February 26, 2025 12:33 PM

views 57

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ আজি দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্প...

February 26, 2025 11:56 AM

views 46

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এভাণ্টেজ আচামৰ অংশ হিচাপে আই ৱে'ৰ জৰিয়তে বিকশিত অসম শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ অংশীদাৰ হ'বলৈ অসম সম্পূৰ্ণৰূপে সাজু। ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ...

February 26, 2025 11:50 AM

views 54

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ কালি প্ৰথম দিনা এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফার্ষ্ট শীর্ষক আলোচনা সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন কাৰণত এই ত্রিদেশীয় ঘাইপথ নিৰ্মাণ স্থবিৰ হৈ আছে যদিও বাস্তৱসন্মত সমাধান উলিয়াই এই প্ৰকল্পটো আগুৱাই লৈ যাব লাগিব। একেদৰে ভূটানৰ গেলেফুত মাইণ্ডফুলনেচ চিটী নিৰ্মাণ হৈ...

February 26, 2025 11:40 AM

views 107

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত কালি বিনিয়োগ আৰু আন্তগাথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছাম মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কূটনীতিবিদ, আগশাৰীৰ উদ্যোগপতি, বিদেশী প্ৰতিনিধিৰ সমাবেশত অসম পূৱ ভাৰতৰ নিৰ্মাণকেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কৌশলগত স্থিতিৰ লাভ গ্ৰহণ কৰিবলৈ উদ্যোগপতিসকলৰ প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰ...

February 26, 2025 11:30 AM

views 57

এডভান্টেজ আছামত দেশ-বিদেশী বিনিয়োগকাৰীৰ অসমৰ বাবে ১ লাখ ৮০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা

এডভান্টেজ আছামৰ কালি প্ৰথমদিনা দেশ-বিদেশৰ বহু কেইটা উদ্যোগ প্রতিষ্ঠান আৰু উদ্যোগীয়ে ৰাজ্য চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। তদুপৰি, দক্ষতা বিকাশ, নিযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তিত সম্পাদন হয়। আদানী, ৰিলায়েন্স, বেদান্তা আৰু টাটা গ্রুপে কালি সন্মিলনৰ আৰম্ভণিতে ১ লাখ ৮০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। বিনিয়োগকাৰীসকলে অসমত মূলতঃ নবীকৰণযোগ্য শক্তি, স্বাস্থ্য সেৱা, গেছ বিতৰণ আৰু উৎপাদন, সেউজ গেছ, পৰ্যটন আৰু শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে আ...

February 25, 2025 8:01 PM

views 65

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আদানি গোটৰ অধ্যক্ষ গৌতম আদানিয়ে তেওঁৰ ভাষণত অসমত এৰ’চিটী, চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। অনুষ্ঠানত ভাষণ দি ৰিলায়েন্স গোটৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত মেগা ফুড পার্ক, সপ্ত তাৰকাযুক্ত হোটেল, দুটা জৈৱ ইন্ধন গোটকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ খণ্ডত অহা ৫ বছৰত ৫০ হাজাৰ কোটিৰো অধিক ধন বিনিয়ো...

February 25, 2025 7:31 PM

views 66

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কোকৰাঝাৰ জিলাত আজি এডভান্টেজ আছাম সন্মিলনৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হয় ৷ জিলাখনৰ বিজ্ঞান মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গুৱাহাটী আয়োজিত মূল কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনত আজি ২৯ গৰাকী উদ্যোগীয়ে ১৫০ কোটি টকাৰ বুজা বুজিৰ চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত নতুন ব...

February 25, 2025 6:58 PM

views 62

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী মোদী

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে গোলকীয় অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয়, যে বৰ্তমানৰ ভাৰতে এখোজ এখোজকৈ আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ একবিংশ শতিকাৰ অনাগত ২৫ বছৰৰ দীৰ্ঘম্যাদী লক্ষ্য মনত ৰাখি বৃহৎ পৰিসৰত কামত অগ্ৰসৰ হৈছে। বিশ্বই বৰ্তমা...

February 25, 2025 6:46 PM

views 58

দেশৰ কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ অনুষ্ঠানত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, টাটা ছ’ন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰ, জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালকে ধৰি ভালেমান উদ্যোগপতিয়ে ভাষণ দিয়ে। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে তেওঁৰ ভাষণত অসমত এৰ’চিটী, চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ...

February 25, 2025 6:44 PM

views 50

গুৱাহাটীত আজি দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে গোলকীয় অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয়, যে বৰ্তমানৰ ভাৰতে এখোজ এখোজকৈ আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ একবিংশ শতিকাৰ অনাগত ২৫ বছৰৰ দীৰ্ঘম্যাদী লক্ষ্য মনত ৰাখি বৃহৎ পৰিসৰত কামত অগ্ৰসৰ হৈছে। বিশ্বই বৰ্তমা...