February 24, 2025 8:21 PM

views 48

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে যদিও এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি পর্যালোচনা কৰি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে অসমত বৃহৎ সংখ্যক দেশী-বিদেশী উল্লেখযোগ্য যে কালি মন্ত্ৰী সভাৰ বৈঠকে এই সন্মিলনত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছিল। এই সন্মিলনৰ সময়চ...

February 24, 2025 7:59 PM

views 18

গুৱাহাটীত উপস্থিত জাপানৰ উদ্যোগপতি ট’চিয়াকী নিচিকাৱা নেতৃত্বাধীন প্রতিনিধি দল

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে আজি জাপানৰ উদ্যোগপতি ট’চিয়াকী নিচিকাৱা নেতৃত্বাধীন এটা প্রতিনিধি দল গুৱাহাটীত উপস্থিত হয়। দলটোৱে বিমান বন্দৰৰ পৰা পোনে পোনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যায়। প্রতিনিধি দলটোৱে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু জাপানৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে শৈক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। উপাচার্যগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক সক্ষমতা সন্দৰ্ভত প্রতিনিধি দলটোক ...

February 24, 2025 7:57 PM

views 44

এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন,...

February 24, 2025 6:52 PM

views 38

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন, ...

February 23, 2025 11:14 AM

views 43

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি দলটো আজি বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ'ব। দলটোৱে বিনিয়োগ সন্মিলনত অংশ লোৱাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। ইপিনে এই সন্মিলন সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ মুখ্যমন...

February 22, 2025 12:14 PM

views 59

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছেমি কণ্ডাক্টৰ, নৱীকৰণযোগ্য শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ সুযোগৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰি আহিছে। সাংসদ দিলীপ শ‍ইকীয়াই এই সন্মিলনৰ সফল ৰূপায়ণৰ সন্দৰ্ভত কালি বিজেপিৰ অসম প্ৰদেশৰ ৰাজ...

February 20, 2025 8:52 PM

views 57

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীত উপস্থিত থাকিব বুলি মুখ্যমন...

February 19, 2025 7:46 PM

views 47

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীর্ষ সন্মিলনে ৰাজ্যখনত অধিক বিনিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে বাঁহৰ জৰিয়তে অসমে নিৰ্মাণ, বস্ত্ৰ, হস্তশিল্প আৰু অন্যান্য ক্ষেত্ৰত নতুন সম্ভাৱনাৰ উন্মোচন কৰিছে বুলি উল্লেখ কৰি ...

February 16, 2025 7:40 PM

views 50

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰত অসমৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বাহাল থকা ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখনলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কেইবাখনো বিদেশী ৰাষ্ট্ৰত বাহাল থকা ভ্রমণজনিত পৰামৰ্শ বিধিৰ পৰিপ্ৰেক্ষিতত অসমত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত সমস্যা হোৱা হ...

February 16, 2025 6:44 PM

views 48

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ অংশ হিচাপে খানাপাৰাত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰদৰ্শনথলী পৰিদৰ্শন

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি বিষয়ক শীর্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পূর্ণগতিত অব্যাহত আছে। মন্ত্ৰী কেশৱ মহন্তই আজি পুৱা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰদৰ্শনী উপ-সমিতিৰ বিষয়াসকলৰ সৈতে প্ৰদৰ্শনথলী পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমহন্তই আন্তর্জাতিক মানৰ প্ৰদৰ্শনীৰ আয়োজনৰ সৈতে জড়িত বিভিন্ন দিশ পর্যবেক্ষণ কৰাৰ লগতে বিষয়াবৰ্গ আৰু ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে প্ৰদৰ্শনথলীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।