February 10, 2025 11:01 AM

views 55

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপু...

February 9, 2025 8:42 PM

views 66

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাথনি বিকাশৰ বাবে আয়োজিত এই সন্মিলনে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক বিস্তৰ সুযোগ প্ৰদান কৰিব। ৰাজ্য চৰকাৰে নৱ প্ৰজন্মৰ যুৱক-যুৱতীক দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা ব...

February 9, 2025 12:15 PM

views 63

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত কালি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যজুৰি গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত সভাপতিত্ব কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই দৃষ্টিভংগীৰ দিশৰ পৰা জিলা পৰ্যায়ৰ কৰ্মশালাখন অতিকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয়, যে বিনিয়োগকাৰ...

February 9, 2025 11:45 AM

views 66

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। কালি মুম্বাইত জে এছ ডব্লিঅ' গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ লগতে আন্তঃগাথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম...

February 8, 2025 1:25 PM

views 66

ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত নন্দিতা গালোচাৰ অংশগ্ৰহণ

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী নন্দিতা গালোচাই কালি সন্ধিয়া ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত অংশগ্ৰহণ কৰি অহা ২৬ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰী তথা অন্যান্য লোকসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰি বিনিয়োগৰ কৌশল আৰু কাৰিকৰী জ্ঞান আহৰণৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ লগতে এই সন্মিলনত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাতো প্রাকৃতিক সম্পদৰ উপযু...

February 8, 2025 12:56 PM

views 55

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি অব্যাহত

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি দিল্লীত টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষগৰাকীৰ সৈতে জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্পকে ধৰি অনাগত সময়ত অসমত টাটা গ্ৰুপৰ বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে। ড° শৰ্মাই লগতে শ্ৰী চন্দ্ৰশেখৰনক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্রণ জনায়। উল্লেখযোগ্য যে পাঁ...

February 7, 2025 8:53 PM

views 53

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

February 4, 2025 1:09 PM

views 56

অহা ২৫-২৬ ফেব্ৰুৱাৰীত আয়োজিত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকর্ষিত কৰিবলৈ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আয়োজিত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই সন্মিলনত কমেও ১২ খন ৰাষ্ট্ৰই অংশ লোৱাৰ কথা । সন্মিলনত অংশ লোৱাৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ অসমত উপস্থিত হ'ব বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই কালি প্ৰকাশ কৰে। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানটো প্রধানমন্ত্ৰীয়ে অংশ ল'ব বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ ক...

January 28, 2025 8:58 PM

views 66

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমি পূজন কাৰ্যসূচী আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য সচিব ড০ ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বাণিজ্য প্রতিনিধি আৰু দেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতি সকলক আতিথ্যৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই শীৰ্ষ সন্মিলনৰ জৰি...