October 26, 2024 7:54 PM

views 55

কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা ...

October 26, 2024 6:14 PM

views 59

কাইলৈ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা চাৰে ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা আৰু ইণ্ডিয়ান টেলিগ্রাফ এক্টৰ সংশ্লিষ্ট ব্যৱস্থাৰ অধীনত শাস্তি বিহা ...

October 25, 2024 7:36 PM

views 59

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ৫,০২৩ টা খালী পদৰ বাবে পৰহিলৈ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

ৰাজ্যৰ ২৮ খন জিলাত ৪২ টা বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ পাঁচ হাজাৰ ২৩ টা খালী পদৰ বাবে এই পৰীক্ষা পৰহিলৈ অনুষ্ঠিত হ'ব। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োবেলাৰ পৰীক্ষাত ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এই প্রত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত ...

October 25, 2024 6:37 PM

views 63

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয় প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা সন্দৰ্ভত সংবাদমেল

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয় চতুৰ্থবৰ্গৰ পৰীক্ষা সন্দৰ্ভত আজি চতুৰ্থবৰ্গৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলখনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ লগতে আয়ক্ত সচিব তথা নিযুক্তি আয়োগৰ সদস্য জয়ন্ত নালিকাৰকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে ২৮ খন জিলাত ৪২টা বিভাগৰ বাবে মুঠ পাঁচ হাজাৰ ২৩টা খালী পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। পুৱা ৯ বজাৰ পৰা দশম ...

October 24, 2024 1:16 PM

views 50

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষীৰ শীৰ্ষ বিষয়া আদিয়ে কেইবালানি বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে।  সমাগত নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কালি শিৱসাগৰ জিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত পৰীক্ষা সমিতিৰ বিষয়ববীয়া, ৭২টা পৰীক্ষা কেন্দ্ৰৰ দায়িত্ববাহী বিষয়া তথা জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে। বৈঠকখনত ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিযু...

October 23, 2024 7:16 PM

views 53

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ প্রশাসনৰ পদক্ষেপ

অহা ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ বাবে হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো প্রশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ লগত জড়িত বিষয়াসকল আৰু পৰ্যবেক্ষণ বিষয়াসকলৰ এটা বিস্তৃত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্তই পৰীক্ষা পৰিচালনাৰ দায়িত্বত নিয়োজিত বিষয়াসকলৰ নিজৰ দায়িত্ব সম্পর্কে...

October 14, 2024 6:47 PM

views 54

চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, অহা ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আই টি আই উত্তীর...

October 8, 2024 11:41 AM

views 75

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে আজিৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনচাৰ কী কাইলৈ পুৱা ৬ বজাৰ পৰা পোৱা যাব। প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচাৰিলে কাইলৈৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব।

September 19, 2024 1:32 PM

views 41

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। ১৫ ছেপ্তেম্বৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত অহা ২৯ তাৰিখে পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ চাকৰিৰ আৰু বিয়লি ডেৰ বজাৰ পৰা চাৰে চাৰি বজালৈ ড্রাইভাৰ পদৰ বাবে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আনহাতে, ২৭ অক্টোবৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ চতুৰ্থ বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ পৰ্যায়ৰ আৰু বিয়লি ডেৰ বজাৰ পৰা চাৰে চাৰি বজা...