অহা ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো প্রশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ লগত জড়িত বিষয়াসকল আৰু পৰ্যবেক্ষণ বিষয়াসকলৰ এটা বিস্তৃত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্তই পৰীক্ষা পৰিচালনাৰ দায়িত্বত নিয়োজিত বিষয়াসকলৰ নিজৰ দায়িত্ব সম্পর্কে পুংখানুপুংখ জ্ঞান থকাটো অপৰিহাৰ্য বুলি মন্তব্য কৰে। তেওঁ লগতে পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলিও কয়। জিলা আয়ুক্তগৰাকীয়ে পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত জিলাখনত দেওবৰীয়া বজাৰসমূহ বন্ধ ঘোষণা কৰে। ইয়াৰ লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ সামগ্ৰীসমূহৰ জাননী প্রকাশ কৰি পৰীক্ষাৰ্থীসকলক অৱগত কৰিবলৈও নিৰ্দেশ দিয়ে। সংকীর্ণ বাট- পথত যান-জঁট তথা জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ যান বাহন আৰক্ষীক আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।
একেদৰে বাক্সা জিলাতো প্রশাসনে প্রত্যক্ষ নিযুক্তি পৰীক্ষা পৰিচালনাৰ বাবে কিছুমান নিষেধাজ্ঞামূলক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ অনুযায়ী পৰীক্ষাকেন্দ্ৰৰ পৰা ১০০ মিটাৰ পৰিধিত কেৱল পৰীক্ষাৰ্থী আৰু অনুমোদিত পৰিচালনা কৰ্মীহে উপস্থিত থাকিব বুলি কোৱা হৈছে।
Assamese | October 23, 2024 7:16 PM | ADRE
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ প্রশাসনৰ পদক্ষেপ