অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ’বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, অহা ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদিনা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আই টি আই উত্তীর্ণসকলকে ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যায়ৰ পদসমূহৰ বাবে আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি চাৰি বজালৈ অষ্টম শ্রেণী পৰ্যায়ৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। নির্দেশনাত উল্লেখ থকা অনুসৰি লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে আধাৰ কাৰ্ড, পেন কার্ড, ড্রাইভিং লাইছেন্স, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন ফটোযুক্ত পৰিচয়-পত্ৰ, প্ৰৱেশপত্ৰৰ সৈতে দেখুৱাব লাগিব লগতে প্ৰৱেশপত্ৰৰ সন্নিৱিষ্ট পৰীক্ষাৰ নীতি-নিয়মসমূহ প্রার্থীসকলক মানি চলিবলৈ কোৱা হৈছে। চতুৰ্থবৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে পাঁচ হাজাৰ আৰু অহা ২৭ অক্টোবৰত মুঠ ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব।
Assamese | October 14, 2024 6:47 PM | ADRE | ADRE Exam | Akashvani
চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব